কা বিৰোধী আন্দোলনৰ ৫৫ গৰাকী প্ৰতিবাদকাৰীক জেইললৈ প্ৰেৰণ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপৰ সৈতে জৰিত থকাৰ অভিযোগত ৫৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰা হৈছে।
জিলা আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এই লোকসকলক চিচি টিভিৰ ফুটেজ তথা মোবাইল ভিডিঅ’ ক্লিপৰ পৰা চিনাক্ত কৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
জিলাখনত সৰ্বমুঠ ৭৫টা গোচৰ ৰুজু হৈছিল আৰু ইয়াৰে সৰ্বাধিক গোচৰ ৰুজু হৈছিল চাবুৱাত। কা’ বিৰোধী আন্দোলনৰ সময়ত চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিভিন্ন ৰাজহুৱা সম্পত্তিৰ সৰ্বাধিক ক্ষতি হৈছিল ডিব্ৰুগড়ত।
ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকে কয়, ‘কা বিৰোধী আন্দোলনৰ সময়ত জিলাখনত হিংসাত্মক কাৰ্য বিয়পোৱা তথা ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধনৰ সৈতে জৰিত থকা ৫৫ গৰাকী লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে। ৰুজু হোৱা গোচৰৰ ভিত্তিত লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ হ’বলৈ বাকী আছে’।
ইফালে যোৱা ১২ ডিচেম্বৰত কা বিৰোধী আন্দোলনত ডিব্ৰুগড় জিলাৰ বকুল তিনিআলীত আৰক্ষীৰ গুলীত এগৰাকী ছোৱালী নিহত হোৱা বুলি ছ’চিয়েল মিডিয়াত উৰা বাতৰি বিয়পোৱা পৰাগমণি দাস নামৰ এজন লোকক দেওবাৰে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰাৰ কথাও জানিবলৈ দিয়ে।
উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ সময়ত সৰ্বাধিক হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছে ডিব্ৰুগড় জিলাত। জিলাখনৰ ৰেইল ষ্টেশ্যন, আৰ এছ এছৰ কাৰ্যালয়, বিজেপি কাৰ্যালয়, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰত অগ্নিসংযোগৰ লগতে বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, সম্পত্তি ভাঙি পেলোৱা পৰিলক্ষিত হৈছিল।