ফ্ল’ৰ মিলৰ কৰ্মচাৰীক হত্যাৰ প্ৰতিবাদত বন্ধ থাকিল ডিব্ৰুগড় নগৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান

ফটো নৰ্থ-ইষ্ট নাও

ডিব্ৰুগড় নগৰত যোৱা ১৯ নৱেম্বৰত সংঘটিত হত্যাকাণ্ডৰ সন্দৰ্ভত সোধা-পোচাৰ বাবে আৰক্ষীয়ে ৫ গৰাকী ব্যক্তিক আটক কৰিছে। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাই বুধবাৰে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ডিব্ৰুগড় নগৰৰ গ্ৰাহাম বজাৰত মঙলবাৰে সন্ধিয়া দুৰ্বৃত্তই ওম প্ৰকাশ আগৰৱালা নামৰ নগৰৰ এটা ফ্ল’ৰ মিলৰ এজন কৰ্মচাৰীক গুলীয়াই হত্যা কৰিছিল।

দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে দিনে ৰাতিয়ে কাম কৰি আছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক বৰাই কয় যে ঘটনা সংঘটিত হোৱা স্থানত থকা এখন বিউটি পাৰ্লাৰৰ বাহিৰত লগাই থোৱা এটা চি চি টি ভি কেমেৰাৰ পৰা আৰক্ষীয়ে এখন এনফিল্ড বাইকত অহা দুজন সন্দেহজনক ব্যক্তিৰ ফুটেজ লাভ কৰিছে।

ইফালে উক্ত হত্যাকাণ্ডৰ প্ৰতিবাদত বুধবাৰে নগৰখনৰ ব্যৱসায়ীসকলে ১২ ঘণ্টীয়া বন্ধ কাৰ্যসূচী পালন কৰে। তেওঁলোকে দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু তেওঁৰ দুগৰাকী কন্যাক চৰকাৰী চাকৰি দিয়াৰ দাবী জনায়।

মঙলবাৰে সন্ধিয়া বজাৰ কৰি এ এছ-০৬ কে-৪১৭২ নম্বৰৰ মটৰচাইকেলেৰে ঘৰলৈ আহি থকা সময়তে বিনায়ক ফ্ল’ৰ মিলৰ কৰ্মচাৰী ওম প্ৰকাশ আগৰৱালাক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। জানিব পৰা মতে তেওঁৰ লগত সেই সময়ত ২ লাখ টকা আছিল।

ফ্ল’ৰ মিলৰ মালিক ৰাজেশ বেৰিৱালে জনোৱা মতে নিহত আগৰৱালে ঘৰলৈ ওভতাৰ সময়ত বিভিন্ন ‘পাৰ্টি’ৰ পৰা পাবলৈ থকা ধন সংগ্ৰহ কৰি পিছদিনা সেই টকা কাৰ্য্যালয়ত জমা কৰে।

বুধবাৰে পুৱা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে নিহত ব্যক্তিজনৰ ঘৰলৈ গৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰিয়ালটোলৈ ৫ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

আনহাতে পূব অসম চেম্বাৰৰ্চ অৱ কমাৰ্চৰ সদস্যসকলে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আৰক্ষী অধীক্ষক গৌতম বৰাক এখন স্মাৰকপত্ৰ দাখিল কৰি নিহত লোকজনৰ পৰিয়ালক ২০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।