NORTHEAST NOW (Assamese)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

April 9, 2021 6:06 pm · অভীক চক্ৰৱৰ্তী
Updated: April 9, 2021 7:40 pm

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে।

বৃহস্পতিবাৰে সন্ধিয়া ঘোষণা কৰা ফলাফল অনুসৰি বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ পৱণ গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী ধৃতিষ্টা গগৈক ৩৬ টা ভোট পৰাস্ত কৰি সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

আনহাতে সাধাৰণ সম্পাদক পদত হিমালয় বাৰিকে নিকটতম প্ৰতিদ্বন্দ্বী লব্ধ প্ৰতীম দাসক পৰাস্ত কৰি জয়ী হৈছে।

তেনেদৰে উপ সভাপতি পদৰ প্ৰাৰ্থী লক্ষীনন্দন টায়ে, সহকাৰী সাধাৰণ সম্পাদকৰ পদত পাৰ্থজ্যোতি বৰুৱা, আলোচনী সম্পাদকৰ পদত সপোন বৰা, সংগীত সম্পাদকৰ পদত প্ৰিনচেং চিচেং চিংফৌ, সাংস্কৃতিক সম্পাদকৰ পদত দেৱপ্ৰতীম বৰা, তৰ্ক আৰু আলোচনা চক্ৰ পদত কৃষ্ণ ছেত্ৰী আৰু সুকুমাৰ কলা আৰু সাহিত্যৰ সম্পাদকৰ পদত প্ৰীতম জ্যোতি গৌতমে জয়ী হৈছে।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ ১৮ টা পদৰ বাবে এইবাৰ ৯৫.৪৭ শতাংশ হাৰত ৪৬১৫ৰ ভোটাৰৰ ভিতৰত ৪,৪০৬ গৰাকী ভোটাৰে ভোটদান কৰিছিল।

Related News