ড০ দিব্যজ্যোতি মহন্তলৈ সংগীত নাটক অকাডেমিৰ বিশেষজ্ঞ কমিটিৰ সদস্য পদ

দিব্যজ্যোতি মহন্ত। ফটো ইণ্টাৰনেটৰ পৰা লোৱা

বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী ড০ দিব্যজ্যোতি মহন্তক ভাৰত চৰকাৰে সংগীত নাটক অকাডেমিৰ ইউনেস্কো কোষৰ ‘Safeguarding the Intangible Cultural Heritage and Diverse Cultural Traditions of India’ আঁচনিৰ দুবছৰীয়া কাৰ্যকালৰ বাবে গঠন কৰা বিশেষজ্ঞ কমিটিৰ এগৰাকী সদস্য হিচাপে মনোনীত কৰিছে।

ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্য আৰু বিবিধ পৰম্পৰা সংৰক্ষণৰ বাবে আঁচনি গ্ৰহণ কৰা আৰু অনুদানৰ অনুমোদন জনোৱাৰ কৰ্তৃত্বপ্ৰাপ্ত এই কমিটিৰ সদস্য হিচাপে থকা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ২৩ গৰাকী শিক্ষাবিদৰ ভিতৰত মহন্ত হ’ল উত্তৰ-পূবৰ পৰা বাছনি লাভ কৰা একমাত্ৰ ব্যক্তি।

সেয়ে এই অঞ্চলৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব বুলি বিবেচিত হৈছে।

সত্ৰীয়া সংস্কৃতিৰ একান্ত অনুৰাগী, বহু নাটক ভাওনাত অভিনয় কৰা ড০ মহন্তই ইতিমধ্যে প্ৰথম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈ বহুকেইখন গণিতৰ পাঠ্যপুথি প্ৰণয়ন কৰাৰ উপৰিও কবিতাৰ কিতাপো প্ৰকাশ কৰিছে। তদুপৰি বিভিন্ন কাকত-আলোচনীতো তেওঁ লেখা প্ৰবন্ধ প্ৰকাশ পাইছে।

ছেবা, SCERT আৰু বিদ্যা ভাৰতীৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি প্ৰস্তুতৰ লগত বিশেষভাৱে জড়িত মহন্ত শিক্ষাৰ্থী আৰু গণিত শিক্ষকৰ প্ৰশিক্ষণৰ ক্ষেত্ৰখনৰো এগৰাকী বিশিষ্ট সমল ব্যক্তি।

ধিং কলেজৰ প্ৰাক্তন অধ্যক্ষ, স্বাধীনতা যুজাঁৰু প্ৰয়াত লক্ষ্মীকান্ত মহন্তৰ পুত্ৰ দিব্যজ্যোতি মহন্ত বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন হিচাপে কৰ্মৰত।