নিজৰ মানুহৰ পৰা কি ব্যৱহাৰ পালে দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত এজন অসমীয়াই?

ভাইৰেল হৈছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অতিৰিক্ত উপায়ুক্তৰ অপমানসূচক মন্তব্যৰ ভিডিঅ’

How can you expect people to have faith in your governance amidst this chaos? Asks CJI Gogoi

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো।

দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত এজন সন্মানীয় অসমীয়াই কি ব্যৱহাৰ পালে অসমৰ মানুহৰ পৰা? এই প্ৰশ্ন উত্থাপন হৈছে শেহতীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত একমাত্ৰ অসমীয়া ৰঞ্জন গগৈয়ে নিজ ৰাজ্যখন ভ্ৰমণ কৰাৰ সময়ত সন্মুখীন হোৱা ব্যৱহাৰক লৈ।

উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত দেশৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত আসীন হৈছিল অসম সন্তান ৰঞ্জন গগৈ।

ইয়াক লৈ সমগ্ৰ অসমবাসী গৌৰৱিত হৈ থকাৰ সময়তে যোৱা ১৬ অক্টোবৰত মুখ্য ন্যায়াধীশ হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে নিজ ৰাজ্যলৈ আহে গগৈ। ৰাজ্য চৰকাৰে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰঙা দলিচা পাৰি ৰাজ্যিক মৰ্য্যাদাৰে আদৰণিৰ ব্যৱস্থা কৰে।

কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ৰ পৰা দেখা গৈছে যে ৰাজ্য চৰকাৰে তেওঁক নিতান্তই প্ৰট’ক’লৰ বাবে ৰাজ্যিক মৰ্য্যাদাৰে আদৰে যদিও তাত দায়িত্বত থকা বিষয়াই এক প্ৰকাৰৰ অসন্মানসূচক আচৰণ প্ৰদৰ্শন কৰিছিল গগৈৰ প্ৰতি। এজন বিষয়াৰ তেনে আচৰণ কেনেবাকৈ ভিডিঅ’ত সেই দৃশ্য বন্দী হৈ থাকিল। ভিডিঅ’টোত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ গাড়ীৰ পৰা অভিবাদন ল’বলৈ নমাৰ ঠিক আগ মুহূৰ্তত এজন আৰক্ষী বিষয়াক কোৱা শুনা গৈছে- “সেইটো আহিছে দেই”।

আনহাতে লগে লগে আন এজন বিষয়াই কয়, “সেইটো আহিছে, বন্ধ কৰি থ…। বজা, বজা, বজা…।”

প্ৰথম অৱস্থাত বিষয়াকেইজনৰ এই অভদ্ৰজনোচিত আচৰণৰ বিষয়ে জানিব পৰা নগৈছিল যদিও এই দৃশ্য সম্বলিত ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জানিব পৰামতে, পিছৰ বিষয়াজন কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্ত।

প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে স্বৰাজ্যত ভৰি থোৱাৰ পিছদিনাই পত্নীসহ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতেও মুখ্য ন্যায়াধীশজনে যথোচিত নিৰাপত্তা ব্যৱস্থা লাভ কৰা নাছিল, যাৰ বাবে ভিৰৰ মাজত আবদ্ধ হৈ থাকিব লগীয়া হৈছিল ন্যায়াধীশ গগৈ। নিৰাপত্তাৰ দায়িত্ব থকা সকলো বিষয়া ব্যস্ত আছিল একে সময়তে কামাখ্যা মন্দিৰ ভ্ৰমণ কৰা বিজেপিৰ সভাপতি অমিত শ্বাহৰ নিৰাপত্তাত। পিছত মুখ্য ন্যায়াধীশজনৰ নিৰাপত্তাৰ দায়িত্বত অৱহেলা কৰাৰ অভিযোগত ৰাজ্য প্ৰশাসনে গুৱাহাটী (পশ্চিম) উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনা আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত কাঠকটীয়াক নিলম্বন কৰিছিল।