বিফল নে সফল: এবছৰীয়া ডঃ শৰ্মা চৰকাৰ প্ৰতিশ্ৰুতি পূৰণত সঁচাকৈয়ে সফল হ’ল নে?

Assam Govt

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমত আজি এটা বছৰ সম্পূৰ্ণ কৰিলে।

কোভিডৰ প্ৰত্যাহ্বানৰ মাজতে বহু প্ৰতিশ্ৰুতি দি শাসনৰ গাদীলৈ আহিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ।

দক্ষ মন্ত্ৰী হিচাপে বহুকেইটা কাৰ্যকাল কাৰ্য নিৰ্বাহ কৰি অহা ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ অসমবাসীৰ আছিল বহু আশা-প্ৰত্যাশা।

মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমে বহু আশা কৰিছিল।কিন্তু কিমান প্ৰত্যাশিত হ’ল জনতাৰ আশা? নে অপ্ৰত্যাশিতভাৱে পাৰ হ’ল এটা বৰ্ষ?

বিজেপি দ্বিতীয়বাৰ শাসনলৈ অহাৰ পূৰ্বে বহু সপোন দেখুৱাইছিল হিমন্ত বিশ্ব শৰ্মাই।

তাৰ ভিতৰত অন্যতম ১ বছৰত ১ লাখ চাকৰিত নিযুক্তি!

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত ১ লাখ যুৱকক গণি গণি ১ লাখ চাকৰিত নিযুক্তি দিয়া হ’ব।

কিন্তু তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দাবী কৰা মতে এবছৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মুঠ ১১৫৭ টা চাকৰিহে দিছে।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্য এক প্ৰতিশ্ৰুতি আছিল ২৬ লাখ মহিলাক মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াটো।

২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে ১ লাখ চাকৰি সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতিৰ লেখীয়াকৈ প্ৰত্যেকগৰাকী ঋণগ্ৰস্ত মহিলাক ঋণ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পাছতে এই সন্দৰ্ভত পাভলুটি মাৰিলে হিমন্ত বিশ্ব শৰ্মাই। ৭ টা নিৰ্দিষ্ট চৰ্ত সাপেক্ষেহে ঋণ পৰিশোধ কৰিবলৈ মান্তি হ’ল শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ।

তাকো প্ৰথম অৱস্থাত ২৫ হাজাৰকৈহে মাইক্ৰ’ফাইনেন্সৰ চেক লাভ কৰিছে একাংশ মহিলাই। বহু মহিলা এতিয়াও বঞ্চিত চৰকাৰৰ এই সাহায্যৰ পৰা।

দ্বিতীয় বাৰ শাসনলৈ অহা বিজেপি চৰকাৰৰ অন্য এক প্ৰতিশ্ৰুতি আছিল ৩০ লাখ পৰিয়ালৰ অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকালৈ বৃদ্ধি।

কিন্তু শৰ্মা চৰকাৰৰ সেই প্ৰতিশ্ৰুতি পূৰণ হ’ল নে?

সুত্ৰ অনুসৰি বৰ্তমান ৰাজ্যৰ ১৯ লাখ হিতাধিকাৰীয়ে ১০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছে।

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা দিনাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। যি বিষয়ে বিজেপিৰ সংকল্প পত্ৰটো উল্লেখ আছিল।

বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত ২০ শতাংশ আৰু অন্য অঞ্চলত ১০ শতাংশ আবেদনৰ পুনৰীক্ষণ কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু যোৱা এটা বছৰে শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে বিজেপি চৰকাৰে কোনো উদ্যোগ গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ’ল।

ঠিক সেইদৰে ধোঁৱা চাঙত বানমুক্ত অসম গঢ় দিয়াৰ “মিছন ব্ৰহ্মপুত্ৰ” অভিযান। যাৰ জৰিয়তে ধুবুৰীৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰ খনন আৰু বৃহৎ বৃহৎ ৰিজাৰ্ভাৰ বন্ধাই অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু বৰ্তমান পৰ্যন্ত এইখন বিজেপি চৰকাৰে প্ৰথম পদক্ষেপো গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ’ল।