অৱশেষত উদ্ধাৰ হ’ল মাৰাডোনাৰ হেৰোৱা সোণালী বলটো! পেৰিছত কৰা হ’ব নিলাম

৩৮ বছৰ পূৰ্বে ১৯৮৬ চনত মেক্সিকোত অনুষ্ঠিত হোৱা বিশ্বকাপে ডিয়েগো মাৰাডোনাক বিশ্বজুৰি তাৰকা হিচাপে গঢ়ি তুলিছিল। তেওঁ আৰ্জেণ্টিনাক বিশ্বকাপলৈ লৈ যায়। তেওঁ হৈ পৰিল সপোনৰ নায়ক। মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত বলটোৰে যাদু দেখুৱালে মাৰাডোনাই। কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেলত তেওঁ দুটাকৈ গ’ল দিয়ে। ফাইনেলত বুৰুচাগাই বিজয়ী গ’লটো দিয়ে, মাৰাডোনাইও সোণালী পাছ সংযোজন কৰে।

সেই বিশ্বকাপত ডিয়েগোৱে সোণালী বল লাভ কৰিছিল। কিন্তু বিখ্যাত আৰ্জেণ্টিনাৰ খেলুৱৈগৰাকীৰ আজীৱন অনুশোচনা আছিল যে তেওঁ সেই বলটো হেৰুৱাইছিল। কিংবদন্তিগৰাকীৰ মৃত্যুৰ তিনি বছৰতকৈ অধিক সময়ৰ পাছত এই বলটো উদ্ধাৰ হয়। আৰ্জেণ্টিনাৰ নিলাম কোম্পানী আগুটৰ ক্ৰীড়া বিশেষজ্ঞ ফ্ৰান্সোৱা থিয়ৰীয়ে এক বিবৃতিত কয় যে সোণালী বলটো তেওঁলোকৰ লগত থকা এবছৰ হ’ল।

আঠ বছৰ পূৰ্বে আৰ্জেণ্টিনাৰ এজন লোকে বিক্ৰীৰ বাবে বহু সোণৰ সামগ্ৰীৰ মাজত সোণৰ বলটো আনিছিল। সেই ব্যক্তিজনে সেই বলৰ গুৰুত্ব নাজানিছিল। বলৰ আকাৰৰ কথা জানিব পাৰি তেওঁ ফিফা আৰু মাৰাডোনাৰ সৈতে যোগাযোগ কৰে। কিন্তু কেনেবাকৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰাটো সম্ভৱ নহ’ল।

সেই বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে মাৰাডোনাই হেণ্ড অৱ গড গ’লটো দিছিল। সেই মেচত তেওঁ খেলা জাৰ্চিটো নিলামত ভাৰতীয় মুদ্ৰাত ৯ কোটি টকাত বিক্ৰী হৈছিল। এইবাৰ সোণৰ বলৰ দাম কিমান বৃদ্ধি পাব সেই লৈ আৰম্ভ হৈছিল তাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল৷