NORTHEAST NOW (Assamese)

হাজাৰ লিটাৰ চুৰি ডিজেলেৰে চলাইছে ডিপ’সদৃশ ব্যৱসায়, জখলাবন্ধা আৰক্ষীৰ কব্জাত এজন

October 10, 2018 3:09 pm · ৰিদিপ শৰ্মা
জখলাবন্ধা আৰক্ষী থানাত ধৃত চোৰ হাফিজুদ্দিন। ছবি- নৰ্থ ইষ্ট নাও।

গাড়ীৰ পৰা চুৰি কৰা ডিজেলেৰে পে’ট্ৰল ডিপ’সদৃশ ব্যৱসায় অবৈধভাৱে চলি আছে অসমত। জখলাবন্ধা আৰক্ষীয়ে মঙলবাৰে ৰাতি চলোৱা অভিযানত জব্দ কৰা তেলৰ পৰিমাণে চকু কপালত তুলিব পাৰে আপোনাৰ।

গাড়ীৰ পৰা চুৰি কৰা ১২৮০ লিটাৰ ডিজেলসহ হাফিছুদ্দিন ওৰফে ভাইটি নামৰ এজন তেল চোৰক মঙলবাৰৰ অভিযানত গ্ৰেপ্তাৰ কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

জব্দ কৰা গাড়ীখন।

কলিয়াবৰৰ বাগৰিৰ এখন লাইন হোটেলত ডিজেল চোৰ কৰি থকা অৱস্থাত ৰাতি হাতে-লোতে ধৰে হাফিজুদ্দিনক। চুৰিত ব্যৱহাৰ কৰা এখন টাটা ম’বাইল গাড়ীৰ সৈতে তেলৰ দ্ৰামসমূহ বৰ্তমান জখলাবন্ধা থানাত ৰখা হৈছে।

আৰক্ষী সূত্ৰই জনোৱা মতে বৰ্তমান জখলাবন্ধা আৰক্ষী থানাত ধৃত হাফিজুদ্দিনক জেৰা চলাই থকা হৈছে।

আনহাতে স্থানীয় ৰাইজৰ অভিযোগ মতে নিশা হ’লেই বাগৰি অঞ্চলত তেল চুৰিৰ এক ৰমৰমীয়া বেপাৰ চলে আৰু বহু তেল টেংকাৰৰ লগত চোৰৰ গোপন বুজাবুজি আছে।

আৰক্ষীৰ অভিযানে তেল চুৰি বন্ধ কৰিব পাৰিবনে সেয়াহে হ’ব লক্ষণীয়।

Related News