Bhupen Hazarika Remembered সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত বিভিন্ন জনগোষ্ঠীয় ভাষাত পৰিৱেশন “মানুহে মানুহৰ বাবে”

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত বিশ্বনাথৰ পাভৈ

AASU program

ফটো: নৰ্থইষ্ট নাও।

Bhupen Hazarika Remembered ৫ নবেম্বৰ আৰু ৬ নৱেম্বৰ তাৰিখে অসম গৌৰৱ, সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত অনুষ্ঠিত কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

দুদিনীয়া কাৰ্যসূচীৰে পালন কৰি অহা সুধাকণ্ঠৰ মৃত্যু তিথিত আজিৰ দিনটোক অৰ্থাৎ দ্বিতীয় দিনটোত প্ৰতি বছৰে বিশ্বনাথৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই সমন্বয়ৰ দিন ৰূপে পালন কৰি আহিছে।

প্ৰতি বছৰৰ দৰে এই বছৰো দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী।

এইবাৰ অৰ্থাৎ দশম বাৰ্ষিক মৃত্যু তিথি উপলক্ষে বিশ্বনাথৰ দিৰিং পথাৰ সমন্বয় ক্ষেত্ৰত সমন্বয়ৰ দিনৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” বিভিন্ন ভাষাত পৰিবেশন কৰা হয়।

 পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰী গঢ়াৰ প্ৰয়াসেৰে বড়ো, কাৰ্বি, চাহ জনজাতি, আদিবাসী, উড়িয়া,নেপালী, মুণ্ডা, গাৰো, চাওতালী, প্ৰজা, ভোজপুৰী আৰু বাংলা ভাষাত “মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে” শীৰ্ষক গীতটি পৰিবেশন কৰে।

যিটো সময়ত এক দুষ্ট চক্ৰই জাতি-জনগোষ্ঠী সমূহক ভাগ ভাগ কৰিব বিচাৰিছে তেনে সময়তে সমন্বয়ৰ দিন উদযাপন কৰি সকলোকে একতাৰ এনাজৰীৰে বান্ধিব খোজা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বলিষ্ঠ পদক্ষেপক বৌদ্ধিক মহলে একেমুখে শলাগিছে।

আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। তাৰ পিছতে ১২ টাকৈ ভাষাত ‘মানুহে মানুহৰ বাবে’ গীতটো পৰিবেশন কৰা হয় ।

এই বৰ্ণাঢ্য অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য সহ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰ নেতা তথা বিষয়ববীয়া সকল।