NORTHEAST NOW (Assamese)

হোজাইত বিশেষভাৱে সক্ষম নাবালিকাক দেউতাকৰ সন্মুখতে ধৰ্ষণ; দুজনক আটক

March 31, 2019 1:00 pm · এন ই নাও নিউজ
প্ৰতীকী ছবি।

চিকিৎসাধীন ৰোগীক যৌন নিৰ্য্যাতনৰ দৰে এটা জঘন্য কাণ্ডই উত্তৰ গুৱাহাটী জোকাৰি যোৱাৰ সময়তে হোজাইত আন এগৰাকী বিশেষভাৱে সক্ষম ৬ বছৰীয়া নাবালিকাক দেউতাকৰ সন্মুখতে ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে।

ঘটনাৰ বিৱৰণি মতে অভিযুক্ত তথা লম্পট ভূপেন হীৰাই শনিবাৰে অৰ্থাৎ ৩০ মাৰ্চত হোজাই জিলাৰ কেন্দ্ৰগুৰি গাঁওস্থিত নাবালিকাগৰাকীৰ গৃহত উপস্থিত হয়। আৰু নিশাৰ ভাগত বিশেষভাৱে সক্ষম নাবালিকাগৰাকীক পিতৃৰ সন্মুখতে ধৰ্ষণ কৰে। ঘটনা সংঘটিত কৰাৰ সময়ত লম্পট ভূপেন হীৰাই অত্যধিক পৰিমাণে সুৰা সেৱন কৰি আছিল।

পিছত স্থানীয় ৰাইজে জানিব পাৰি লম্পট হীৰাক আটক কৰি পিছত আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে লম্পট ভূপেন আৰু নাবালিকাগৰাকীৰ পিতংক আটক কৰিছে। আৰু নাবালিকাগৰাকীক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

নাবালিকাগৰীৰ মাতৃয়ে হোজাই আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সেই এজাহাৰৰ ওপৰত ভিত্তি কৰি তদন্ত আৰম্ভ কৰিছে।

Related News