প্ৰতিবন্ধীৰ পেঞ্চন আঁচনিৰ ধন মে’ মাহৰ ভিতৰত মোকলাই দিয়াৰ দাবীৰে মুখ্যমন্ত্ৰী-সমাজ কল্যাণ মন্ত্ৰীলৈ স্মাৰক পত্ৰ

difff

ৰাজ্যৰ নতুনকৈ শাসনভাৰ লোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে চৰকাৰ খনে আগন্তুক দিনত প্ৰতিবন্ধীৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে ৷
সংগঠনটোৱে প্ৰতিবন্ধীৰ বাবে অনাদায় হৈ থকা পেঞ্চনৰ ধন মুকলি কৰি দিবলৈ দাবী জনাইছে ৷
উল্লেখ্য যে ৰাজ্যৰ প্ৰতিবন্ধী সকলক চৰকাৰৰ তৰফৰ পৰা মাহেকত ১হাজাৰ টকাকৈ প্ৰদান কৰে যদিও বিগত জানুৱাৰী মাহৰ পৰা এই ধনৰাশি পোৱা নাই, ফলত অসুবিধাৰ সম্মূখীন হৈছে প্ৰতিবন্ধী সকলে ৷

প্ৰতিমাহে এই ধনৰাশি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে যদিও সেয়া লেহেমীয়া হোৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে কয় ‘শেহতীয়াকৈ আমি সংস্হাই বিগত ২৮এপ্ৰিলত উজানবজাৰস্হিত সঞ্চালকালয়ৰ কাৰ্যলয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰাৰ পিছত অক্টোবৰ, নবেম্বৰ আৰু ডিছেম্বৰৰ ধনৰাশি মোকলাই দিছে যদিও আজিপৰ্য্যন্ত বিগত জানুৱাৰীৰ পৰা এই ধন ৰাখি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ‘

তেওঁ লগতে কয় যে যিহেতু বিভাগটোত নতুনকৈ মন্ত্ৰী অজন্তা নেওগে দায়িত্বভাৰ গ্ৰহন কৰিছে আৰু অসম আৰু অসমীয়াক ভালপোৱা গতিশীল ব্যক্তিয়ে মূখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈছে, গতিকে তেখেত সকলৰ ওপৰত বিশ্বাস ৰাখি আজি প্ৰতিবন্ধীৰ সমস্যা সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

স্মাৰকপত্ৰত উল্লেখ কৰা ধৰণে অনাদায় হৈ থকা পেঞ্চনৰ ধনৰাশি আৰু ২০২০ বৰ্ষতে হিতাধিকাৰী নিৰ্বাচিত কৰি থোৱা প্ৰায় ২০ হাজাৰ নতুন হিতাধিকাৰীক ৩১ মে’ৰ ভিতৰত আদায় দিবলৈ আহ্বান জনাইছে৷

লগতে বিগত বৰ্ষতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা তিনিহাজাৰ টকাটো আদায় দিবলৈ চৰকাৰখনক আহ্বান জনাই মালাকাৰে আৰু কয় ‘যাতে এই মহামাৰীৰ সময়ত প্ৰতিবন্ধী ব্যক্তিসকল কিছু পৰিমাণে হলেও আৰ্থিকভাৱে সকাহ পায়৷ অন্যহাতে, আজি সংগঠনটোৱে প্ৰতিবন্ধী সকল যাতে কোভিড মহামাৰীৰ লগত মোকাবিলা কৰিব পাৰে তাৰবাবে বিশেষ এক প্ৰক্ৰিয়াৰ যোগেদি ১৮বছৰৰ ওপৰৰ সকলো প্ৰতিবন্ধী ব্যক্তিকে সুচলভাৱে ভেকচিন প্ৰদান কৰিবৰ বাবে মূখ্যমন্ত্ৰীলৈ অন্য এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে৷’