বেমাৰ নাই! দুৰ্নীতিগ্ৰস্ত DIG ৰৌনক আলী হাজৰিকাক জিএমচিএইচৰ পৰা মুক্তি

কোনো বেমাৰ নাই দুৰ্নীতিগ্ৰস্ত DIG ৰৌনক আলী হাজৰিকাৰ।

স্বাস্থ্য সম্পৰ্কীয় সকলো কাৰকেই DIG ৰৌনক আলী হাজৰিকাৰ ক্ষেত্ৰত ঠিকে আছে ।

সেইবাবেই আজি জিএমচিএইচৰ পৰা যাবলৈ দিয়া হয় দুৰ্নীতিগ্ৰস্ত DIG ৰৌনক আলী হাজৰিকাক ।

চিকিৎসালয়ৰ পৰা আৰক্ষীয়ে তেওঁক পুনৰ আৰক্ষীৰ জিম্মালৈ লৈ যায়।

উল্লেখ্য হৃদৰোগত আক্ৰান্ত হোৱা বুলি কোৱা বাবেই দুৰ্নীতিগ্ৰস্ত DIG ৰৌনক আলী হাজৰিকাক ৭ অক্টোৱৰত আৰক্ষীয়ে জিএম চিএউচত ভৰ্তি কৰিছিল।

আয়তকৈ অধিক সম্পত্তি আহৰণৰ অভিযোগত অভিযুক্ত অসম আৰক্ষীৰ নিলম্বিত DIG ৰৌনক আলী হাজৰিকা ৭ অক্টোৱৰৰ পুৱা গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছিল।

নিশা পল্টনবজাৰ থানাত সাধাৰণ চোৰৰ সৈতে একেলগে কটাবলগীয়া হোৱা নিলম্বিত DIG ৰৌনক আলী হাজৰিকা আজি হৃদৰোগত আক্ৰান্ত হৈছিল বুলি নিজে আৰক্ষীক কৈছিল।

তেওঁক লগে লগে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল।
ৰৌনক আলী হাজৰিকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ আইচিইউত ভর্তি কৰি চিকিৎসা চলাই থকা হৈছিল।

উল্লেখ্য ৰৌনক আলী হাজৰিকাক আয়তকৈ অধিক সম্পত্তি আহৰণৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল।
আয়তকৈ ১৬৪ শতাংশ অধিক সম্পত্তি থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত DIG ৰৌনক আলী হাজৰিকাৰ সম্পত্তিৰ তালিকা দেখিলে আপোনাৰো চকু কপালত উঠিব।

হংকং, ইণ্ডোনেছিয়া,ডুবাই,বাংলাদেশ, মালেয়ছিয়া, বেংকক, থাইলেণ্ড সহ ৯ খন দেশ অনুমতি নোহোৱাকৈ ভ্ৰমণ কৰিছিল ৰৌনক আলী হাজৰিকাই৷

অভিযানকালত বাংলাদেশ, হংকং, চীন, মালেয়ছিয়া, জাপান, ইণ্ডোনেছিয়াৰ বিদেশী মুদ্ৰা উদ্ধাৰ কৰে হাজৰিকাৰ বাসগৃহত ৷ লগতে যথেষ্ট পৰিমাণৰ বীমা পলিচী উদ্ধাৰ হৈছে অভিযান কালত৷

ইপিনে, DIG ৰৌনক আলী হাজৰিকাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ SP ৰ’জি কলিতাই মন্তব্য কৰি ৰৌনক আলী হাজৰিকাৰ গুৱাহাটীৰ তিনিটা স্থানৰ লগতে চিমলাতো সম্পত্তি আছে বুলি জানিবলৈ দিয়ে।

গুৱাহাটীৰ ধীৰেনপাৰা, ডাউন টাউন আৰু হেঙেৰাবাৰীত আছে তিনিটাকৈ সু-বিশাল অট্টালিকা আৰু কেইবাবিঘা মাটি।
সেইদৰে চিমলাত আছে Kothi নামৰ ৰেষ্টুৰেন্ট।

তেওঁ লগতে জনোৱা অনুসৰি বেংকৰ একাউন্টত ধৰা পৰিছে বহু কোটি টকাৰ লেনদেনৰ তথ্য।