পৃথক ডিমা ৰাজি গঠনৰ লক্ষ্য আগত ৰাখিয়েই ১৯৯৫ চনত ডিমাচা উগ্ৰপন্থী সংগঠন ডিমা হালাম দাওগা (ডিএইচডি)ৰ জন্ম হৈছিল।
অৱশ্যে সশস্ত্ৰ আন্দোলন চলি থকা সময়তে ২০০২ চনৰ ৩১ ডিচেম্বৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি স্বাক্ষৰ কৰিছিল ডিএইচডিয়ে।
যুদ্ধ বিৰতি চলি থকা কালচোৱাত চৰকাৰৰ সৈতে নতুন আৰু ইয়াৰ পাছত ডিএইচডিৰ উভয় গোটে ২০১২ চনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
কিন্তু বাস্তৱত দিলীপ নুনিচা নেতৃত্বাধীন ডিএইচডি গোটৰ ডিমাৰাজি গঠনৰ দাবীক চৰকাৰে গুৰুত্ব দিয়া নাই। ফলত ডিএইচডিৰ দীৰ্ঘ আন্দোলন ফলপ্ৰসু হৈ উঠা নাই।
আনহাতে, চৰকাৰৰ সৈতে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিও সঠিকভাৱে বাস্তৱায়িত নোহোৱাত সশস্ত্ৰ গোটৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ইতিমধ্যে চুক্তি স্বাক্ষৰৰ সাত বছৰ অতিক্ৰম কৰিছে যদিও আজিকোপতি চৰকাৰে ডিএইচডি সদস্য সকলক পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা নাই।
এনে পৰিস্থিতিত প্ৰাক্তন ডিএইচডি গোটৰ সদস্য সকলক লৈ গঠন হোৱা হালালি প্ৰগ্ৰেছিভ চচাইটিয়ে এইবাৰ গণতান্ত্ৰিকভাবে ডিমা ৰাজি গঠনৰ আন্দোলন গঢ়ি তুলিব।
হাফলঙৰ চেঙইয়া তুলাৰামৰাজি গাঁওত হালালি ৱেলফেয়াৰ ছচাইটিৰ এখন বাৰ্ষিক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ডিএইচডি গোটৰ প্ৰাক্তন মুৰব্বী দিলীপ নুনিচাই সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰি কয় যে চৰকাৰে ডিএইচডি গোটৰ প্ৰাক্তন সদস্যসকলৰ বিভিন্ন থানাত থকা গোচৰসমূহ, সদস্য সকলৰ পুনৰ্সংস্থাপন আৰু চুক্তি অনুসৰি প্ৰস্তাৱিত হোজাই আৰু বৰ্মণ উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্ৰতো চুক্তি স্বাক্ষৰৰ আঠ বছৰ পাছতো ব্যৱস্থা লোৱা নাই।
অকল এয়াই নহয় বুজাবুজি চুক্তিৰ কোনোটো দফাই আজিলৈকে বাস্তবায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰে আগ্ৰহ দেখুওৱা নাই।
নুনিচাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক লক্ষ্য কৰি লৈ কয় যে চৰকাৰে ডিএইচডিৰ প্ৰাক্তন সদস্য সকলৰ উপৰি আমাৰ আবেগক লৈ খেল-ধেমালিত লিপ্ত হৈছে।
‘’চৰকাৰৰ আহ্বানৰ লগতে আমাৰ দীৰ্ঘ দিনীয়া ডিমাৰাজি গঠনৰ দাবীৰ প্ৰতি চৰকাৰে দেখুওৱা আন্তৰিকতাৰ কাৰণেই ডিএইচডি সদস্য সকলে মূলসুঁতি লৈ ঘুৰি আহে,’’-নুনিচাই কয়।
তেওঁ লগতে কয়,’’কিন্তু চৰকাৰে আমাক একো দিয়া নাই আৰু চুক্তি স্বাক্ষৰৰ আঠ বছৰ অপেক্ষা কৰি এইবাৰ গণতান্ত্ৰিকভাবে ডিমাৰাজি গঠনৰ কাৰণে আমি সাজু হৈছো।কিয়নো ডিমাৰাজি আমাৰ মৌলিক অধিকাৰ।‘’
উল্লেখনীয় আজি দিলীপ নুনিচাক সভাপতি আৰু সৌৰভ ৰাজিয়ুঙক সম্পাদক মনোনীত কৰি হালালি হো ৱয়েল ফেয়াৰ ছচাইটি গঠন কৰা হয়।