হাজাৰ কোটিটকীয়া কেলেংকাৰিৰ মূল নায়ক আৰ এইচ খানক ক্লীনশ্বীট ডিমা হাছাও পৰিষদৰ

Untitled-1 copy (19)

আৰ এইচ খান। ফাইল ফটো

উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰিৰ অন্যতম অভিযুক্ত আৰ এইচ খানক ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে ক্লীনশ্বীট দিছে। খানে পুনৰ চাকৰিত যোগদানৰ বাবে প্ৰস্তুতি চলাই ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এইক্ষেত্ৰত বিভাগীয় প্ৰক্ৰিয়াও বহুখিনি আগবঢ়াৰ কথা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে সমাজ কল্যাণ বিভাগৰ চি ডি পি অ’ আৰু উত্তৰ কাছাৰত বিভাগটোৰ উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত সংঘটিত এহেজাৰ কোটি টকীয়া কেলেংকাৰিত আৰ এইচ খান হিচাপে পৰিচিত মহম্মদ ৰেডাউল হুছেইন খানে কোটি কোটি টকা আত্মসাৎ কৰিছিল।

বিভাগটোৰ কোটি কোটি টকা খানে উগ্ৰপন্থী সংগঠনক প্ৰদান কৰাৰ লগতে নিজেও লুণ্ঠন কৰিছিল। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁৰ ঘৰৰ লগতে তেওঁৰ আত্মীয়ৰ ঘৰতো তদন্তকাৰী সংস্থাই অভিযান চলাই কোটি কোটি টকা উদ্ধাৰ কৰিছিল।

আনহাতে, নিয়াৰ তদন্তত দোষী সাব্যস্ত হৈ আৰ এইচ খানে কাৰাবাসো খাটিবলগীয়া হয়। ২০০৯ চনৰ ৩০ মে’ত গ্ৰেপ্তাৰ কৰা আৰ এইচ খানক গ্ৰেপ্তাৰৰ সুদীৰ্ঘ ৯ বছৰৰ পাছত চলিত বৰ্ষত সমাজ কল্যাণ বিভাগৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। বিগত ১৭ মে’ত ৰাজ ভৱনৰ নিৰ্দেশ অনুসৰি তেওঁক বৰ্খাস্ত কৰা হৈছিল।

এতিয়া পুনৰ চৰকাৰী চাকৰিত যোগদান কৰিবৰ বাবে প্ৰস্তুতি চলাই আৰ এইচ খানে কেইদিনমান পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই পুনৰ চাকৰিত যোগদানৰ অনুমতি বিচাৰি আৱেদন জনায়। বৃহস্পতিবাৰে এই সন্দৰ্ভত আদালতত শুনানি হোৱাৰ কথা আছিল যদিও আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা বাবে শুনানি সম্পন্ন নহয়।

আনহাতে, হাজাৰ কোটিটকীয়া কেলেংকাৰিৰ মূল নায়ক আৰ এইচ খানে পুনৰ চাকৰিত যোগ দিয়াত আপত্তি নথকাৰ কথা বিজেপি শাসিত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে শপতনামা যোগে আদালতত জনাইছে। তদুপৰি, অসম চৰকাৰেও আৰ এইচ খানৰ চাকৰিত যোগদানৰ বিষয়টো সন্দৰ্ভত আদালতত পালমৰা শপতনাম এখন দাখিল কৰাৰ কথা জানিব পৰা গৈছে। সেয়া হ’লে শূন্য সহনশীলতাৰ কথা বিজেপি চৰকাৰৰ এয়াও এক প্ৰহসন হিচাপেই পৰিগণিত হ’ব।