৪৬টা সংগঠনে আহ্বান জনোৱা বন্ধ নামানিবলৈ ডিমা হাছাওৰ উপায়ুক্তৰ আহ্বান

DSC_1434

ডিমা হাছাওৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ আহ্বানক্ৰমে জিলা উপায়ুক্তৰ আলোচনাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়।  এই সভাত অহা কালি আহ্বান দিয়া বন্ধ অমান্য কৰিবলৈ আহ্বান জনোৱা হয়। যিকোনো সংগঠনে আহ্বান জনোৱা বন্ধক প্ৰত্যাহ্বান জনাবলৈ মহামান্য উচ্চতম ন্যায়ালয় আৰু মহামান্য উচ্চ ন্যায়ালয়ে জাৰী কৰা নিৰ্দেশনা সম্পৰ্কে জনসাধাৰণক সচেতন কৰিবলৈ বিভিন্ন সংগঠন, বিভাগীয় বিষয়া, সংবাদ মাধ্যমৰ প্ৰতিনিধিবৰ্গৰ উপস্থিত এই সভাখন অনুষ্ঠিত কৰা হৈছিল।

উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সহযোগিতাত ডিমা হাছাওৰ জিলা প্ৰশাসনে এটা নিৰ্দেশ জাৰী কৰিছে। এই নিৰ্দেশটোত সকলো চৰকাৰী বিষয়া কৰ্মচাৰীকে নিয়মীয়া কৰ্তব্যত উপস্থিত থাকিবলৈ কোৱা হৈছে। অন্যথা বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোত কোৱা হৈছে।

আৰু কোৱা হৈছে যে গাখীৰ, পানী, স্বাস্থ্যসেৱা, ৰাজহুৱা পৰিবহণ আদিত যাতে কোনো ধৰণৰ বাধা প্ৰদান কৰা নহয় আৰু সংশ্লিষ্ট কৰ্মচাৰীয়ে যাতে নিয়মীয়া কৰ্তব্যত উপস্থিত তাকে তাৰ বাবে নিৰ্দেশ জাৰী কৰা হৈছে। এই নিৰ্দেশটোত আৰু কোৱা হৈছে যে এই নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি, যুৱ ছাত্ৰ পৰিষদকে ধৰি ৪৬টা সংগঠনে অহা কালি ২৩ অক্টোবৰত আহ্বান জনোৱা বন্ধৰ প্ৰাকক্ষণত এই নিৰ্দেশ জাৰি কৰা হৈছে।

এই সভাখনত অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, জিদাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক,  কাৰ্যবাহী দণ্ডাধীশ দলে আৰু নবিছ আৰু আন আন বিভাগীয় বিষয়াবৰ্গ। বহুতো সংগঠন আৰু সন্থাৰ সদস্যই এই সভাত উপস্থিত আছিল।

অতিৰিক্ত আৰক্ষী অধীক্ষক সিঙে নিশ্চিতি দিছে যে আৰক্ষী বাহিনীয়ে পৰিস্থিতিৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিব আশা কৰিছে যে কালিৰ বেআইনী কাম-কাজত জনসাধাৰণে অশগ্ৰহণ যাতে অংশগ্ৰহণ নকৰে তাকে আশা কৰিছে।