উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ প্ৰধান সচিব হিচাপে অতিৰিক্ত দায়িত্ব গ্ৰহণ ডিমা হাচাও জিলা উপায়ুক্তৰ

20190907_101439

ফটো : নৰ্থ-ইষ্ট নাও

ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিবৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে।

৭ ছেপ্তেম্বৰ অৰ্থাৎ শনিবাৰে বদলি হোৱা প্ৰধান সচিব আই এ এছ বিষয়া ৰূপক কুমাৰ মজুমদাৰৰ পৰা ৰাজখোৱাই প্ৰধান সচিবৰ দায়িত্ব গ্ৰহণ কৰে।

ইপিনে দায়িত্ব চমজি লৈ নতুন প্ৰধান সচিব গৰাকীয়ে পৰিষদ সচিবালয়ৰ বিষয়া-কৰ্মী সকলৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰি নিষ্ঠা আৰু দৃঢ়তাৰে কাম কৰি যোৱাৰ বাবে আহ্বান জনায়।

ইফালে  ডিমা হাচাও জিলাৰ সামিগ্ৰক উন্নয়নৰ হকে সকলোৰে সহায়-সহযোগিতা বিচাৰিছে নৱাগত প্ৰধান সচিব অমিতাভ ৰাজখোৱাই।

উল্লেখ্য যে অমিতাভ ৰাজখোৱা ২০১৮ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰা ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত হিচাপে কাৰ্য নিৰ্বাহ কৰি আহিছে।

চৰকাৰী নিৰ্দেশনা নোপোৱালৈকে জিলা উপায়ুক্তৰ লগতে অতিৰিক্তভাৱে পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব অমিতাভ ৰাজখোৱাই।