হাফলঙত কৰ্মৰত সাংবাদিক সকলৰ প্ৰতিবাদী ধৰ্ণা, মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

20180901_111030

সমগ্ৰ ৰাজ্যৰ লগত আজি হাফলঙতো ডিমা হাচাও জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত ডিমা হাচাও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত ধৰ্ণা প্ৰদৰ্শন কৰে।

ধৰ্ণা কাৰ্যসূচীত পাৰ্বত্য জিলাৰ কৰ্মৰত সাংবাদিকসকল উপস্থিত থকাৰ লগতে সংবাদকৰ্মীসকলে নিজৰ নিজৰ সমস্যাৰ কথা দাঙি ধৰে।

শেহতীয়াভাৱে সমগ্ৰ দেশৰ লগতে ৰাজ্য জুৰি সাংবাদিকৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰিছে। বিভিন্ন ঠাইত সাংবাদিক হত্যাৰ ঘটনা ঘটিছে। অভিযোগ অনুসৰি  পাৰ্বত্য ডিমা হাচাও জিলাত লাহে লাহে সাংবাদিকক পৰোক্ষ ভাবে আৰু মানসিকভাবে হাৰাশাস্তি কৰাৰ বিষয় পোহৰলৈ আহিব ধৰিছে।

ডিমা হাচাও জাৰ্নেলিষ্ট ইউনিয়নৰ উপ সভাপতি নিৰ্মল সিঙে কয় যে বৰ্তমান ডিমা হাচাও জিলাত সংবাদকৰ্মীসকল সুৰক্ষিত নহয়। বিভিন্ন মহলৰ পৰা ফোন যোগে হুমকি দিয়াটো এক নিয়মত পৰিণত হৈছে। তেওঁ চৰকাৰৰ ওচৰত সাংবাদিকক নিৰাপত্তা প্ৰদানৰ দাবী উত্থাপন কৰে।

জাৰ্নেলিষ্ট ইউনিয়নৰ  ইউনিয়নৰ সম্পাদক বিপ্লব দেবেও এই সম্পৰ্কত বক্তব্য ৰাখে। তেওঁ কয় ‘‘দেশত আজিৰ দিনত দুৰ্বৃত্ত বা একাংশ ৰাজনৈতিক নেতাৰ প্ৰথম টাৰ্গেট হৈছে সাংবাদিক বা সংবাদ মাধ্যম। চৰকাৰে বিষয়টোত গুৰুত্ব দিব লাগে।’’  বিশিষ্ট সাংবাদিক তথা হাফলং প্ৰেছ ক্লাৱৰ সভাপতি অনুপ কুমাৰ বিশ্বাসে কয় যে সাংবাদিক সকলে ইমান ত্যাগ স্বীকাৰ কৰি সমাজ তথা দেশৰ কাৰণে দিনে নিশাই কাম কৰিছে যদিও সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে কোনো গুৰুত্ব আৰোপ কৰা নাই।

নৰ্থ ইষ্ট নাওৰ জিলা প্ৰতিনিধি তথা হাফলং প্ৰেছ ক্লাৱৰ বিত্ত সচিব পংকজকুমাৰ দেবে তেওঁৰ ভাষণত কয় যে চৰকাৰে সাংবাদিকসকলৰ কল্যাণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও কিন্তু নিৰাপত্তা সুনিশ্চিত কৰা নাই। ডিমা হাচাওৰ নিচিনা পাহাৰীয়া অঞ্চলত আজি বহুত সমস্যাৰ মাজত সাংবাদিকসকলে কাম কৰি আছে। এনে ক্ষেত্ৰত কেতিয়াবা ব্যবসায়ী বা মাফিয়াৰ ধমকি আহে। কেতিয়াবা ৰাজনৈতিক নেতাৰ পৰা সংবাদ মাধ্যমৰ পৰা পদত্যাগ কৰা ধমকি নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে।

নিউজ লাইভৰ সংবাদদাতা স্বদীপ হাছামেও নিজৰ বক্তব্য ৰাখে।।

আজি ৰাতিপুৱা ১১-০০ মানৰ পৰা আৰম্ভ হোৱা ধৰ্ণা ১২-০০ মানলৈ চলে। ইয়াৰ পাছত জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য লিখা স্মাৰকপত্ৰ তেখেতৰ হাতত তুলি দিয়া হয়।