• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ বছৰলৈ লীজত ডিমা হাছাওৰ ৩ হাজাৰ বিঘা মাটি! পৰিষদে প্ৰতি বিঘাত বছৰি লাভ কৰিব মাত্ৰ ২৫০ টকাৰ ৰাজহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 12:57 pm
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা ৩ হাজাৰ বিঘা জনজাতি সংৰক্ষিত ভূমি মহাবল চিমেণ্ট কোম্পানীক আবণ্টন কৰাৰ বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। বুধবাৰে এই বিষয়ৰ ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰৰ তৃতীয় শুনানিত ন্যায়াধীশ সঞ্জীৱ কুমাৰ মেধিৰ এজনীয়া বিচাৰপীঠে অসম চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পক্ষৰ পৰা উত্থাপিত যুক্তিসমূহক কঠোৰভাৱে পৰীক্ষা কৰে। চৰকাৰী পক্ষই স্বীকাৰ কৰিছে যে এই ভূমি বিক্ৰি কৰা নাই মাত্ৰ ৩০ বছৰলৈ লীজত দিয়া হৈছে, আৰু পৰিষদে প্ৰতি বিঘাত বছৰি মাত্ৰ ২৫০ টকাহে ৰাজহ লাভ কৰিব।

শুনানিত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই ন্যায়ালয়ক অৱগত কৰে যে এই আবণ্টনৰ ফলত কোম্পানীটোৱে ১১ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আৰু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁ উদাহৰণ দাঙি ধৰি কয় যে পূৰ্বে নীপকো জলবিদ্যুত প্ৰকল্পক ২১ হাজাৰ বিঘা আৰু নুমলীগড় শোধানাগাৰক ৪,৪৭০ বিঘা ভূমি আবণ্টিত হৈছে। কিন্তু ন্যায়াধীশ মেধিয়ে প্ৰশ্ন কৰি কয়, “আপুনি নীপকোক চিমেণ্ট কোম্পানী এটাৰ লগত তুলনা কৰিছে?” লগতে, ৩ হাজাৰ বিঘাৰ ভিতৰত প্ৰায় ১,০২০ বিঘা গ্ৰীণবেল্টৰ অধীনত পৰিব বুলি চৰকাৰী পক্ষই জনায়।

চিমেণ্ট উদ্যোগৰ ফলত জৈৱ-বৈচিত্ৰ্য আৰু পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱক লৈ ন্যায়ালয়ে উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়কো গোচৰত পক্ষ কৰি লোৱাৰ পোষকতা কৰে, য’ত চৰকাৰী পক্ষই সন্মতি প্ৰকাশ কৰে।

চৰকাৰী পক্ষই জনোৱা  মতে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদে চিলিং আইনখন বলবৎ কৰা নাছিল । The Assam Fixation of Ceiling On Land Holdings Act, 1956 ত এই কথা উল্লেখ আছে বুলি ন্যায়ালয়ত তথ্য দাঙি ধৰে মহাধিবক্তাগৰাকীয়ে ৷ আনহাতে, তাৰ এবছৰৰ আগত এন চি হিলছ পৰিষদ ১৯৫৫ চনত গঠিত হৈছিল । অসমৰ ভিতৰত গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি, নগাঁও, মৰিগাঁও, যোৰহাট, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিব্ৰুগড়, তিনিচুকীয়াতহে এইখন আইন সম্প্ৰতি প্ৰযোজ্য ৷

ইয়াৰ উপৰিও, কোম্পানীটোৱে ৩ হাজাৰ বিঘা মাটিত কেৱল চিমেণ্ট কাৰখানা নহয়, কৰ্মচাৰীসকলৰ বাবে বাসগৃহ, স্কুল, হাস্পতাল, বজাৰ আদি আন্তঃগাঁথনি নিৰ্মাণ কৰিব বুলি চৰকাৰী পক্ষই জনায়।

চৰকাৰৰ অবিবেচানামূলক সিদ্ধান্তৰ বাবে সাধাৰণ ৰাইজে জীয়াতু ভুগি আহিছে। সাধাৰণ ৰাইজৰ এতিয়া আদালতে শেষ ভৰষা হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

September 6, 2025 8:11 pm
ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

September 6, 2025 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd