নিৰ্বাচনৰ সুৰক্ষাক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল

kuladhar-saikia-takes-charge-as-assam-s-new-680684

কুলধৰ শইকীয়া।উৎস-ইণ্টানেট

ৰাজ্যত যাতে আগন্তুক লোকসভা নিৰ্বাচন সুকলমে পাৰ হয় তাৰ বাবে সষ্টম হৈ পৰিছে অসম আৰক্ষী। আজি অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই এখন সংবাদমেল সম্বোধন কৰে।

সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসমত কোনোধৰণৰ কূটাঘাত নোহাৱাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ইতিমধ্যে ব্যৱহাৰ কৰি থকা অনুজ্ঞাপত্ৰ থকা অস্ত্ৰসমূহ আৰক্ষীয়ে জব্দ কৰিব বুলি শইকীয়াই কয়। ইতিমধ্যে বিভাগীয় জিলাৰ দায়িত্বত থকা আৰক্ষী বিষয়া সকলক এই ক্ষেত্ৰত তৎপৰ হ’বৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানজনে।

আনহাতে, নিৰ্বাচনৰ সময়ত বিশেষ ভাবে সামাজিক মাধ্যমসমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হ’ব বুলি তেওঁ কয়। জিলা আৰক্ষী অধীক্ষসকলে সামজিক মাধ্যম সমূহৰ অপব্যৱহাৰৰ ওপৰত নজৰ ৰাখিব।

তদুপৰি, ৰাজ্যৰ নিৰ্বাচনৰ সুৰক্ষাত ৯০ টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী নিয়োজিত কৰা হ’ব। ইতিমধ্যে অতিৰিক্ত ৩৩ টা কোম্পানী আহি ৰাজ্যত উপস্থিত হৈছে বুলি শইকীয়াই সদৰী কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কেন্দ্ৰ সমূহৰ নিৰাপত্তাৰ দায়িত্বত ন্যস্ত হৈ থকা নিৰাপত্তা বাহিনী সমূহক নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰা নহয় বুলিও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়।

ৰাজ্যত নিৰ্বাচনী হিংসা বিয়পাব পৰা যিকোনো ধৰণৰ বহিঃৰাজ্যৰ শক্তিক প্ৰতিহত কৰাৰ বাবে অসম আৰক্ষীক সীমান্ত অঞ্চল সমূহত সষ্টম হৈ থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে আৰু ওচৰ চুবুৰীয়া ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান সকলৰ সৈতেও এই ক্ষেত্ৰত যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলি শইকীয়াই কয়।