NORTHEAST NOW (Assamese)

দেশত বন্ধ হ’ব জাল নোট, ভুৱা পাছপ’ৰ্ট; ভাৰতীয় সংস্থাৰ নতুন আৱিষ্কাৰ

March 3, 2020 10:20 pm · এন ই নাও নিউজ
Updated: March 3, 2020 10:25 pm
প্ৰতীকী ছবি।

চি এচ আই আৰ (Council of Scientific and Industrial Research)-নেচনেল ফিজিকেল লেবৰেটৰিৰ এক আৱিষ্কাৰে বন্ধ কৰিব দেশৰ জাল নোট আৰু ভুৱা পাছপ’ৰ্ট।

ভাৰতীয় গৱেষণা সংস্থাটোৰ গৱেষকৰ দলে এক বিশেষ সুৰক্ষা চিঞাহী প্ৰস্তুত কৰিছে আৰু ইয়াৰ ব্যৱহাৰে জাল কাৰবাৰ বন্ধ কৰিব বুলি আশা কৰা হৈছে।

“পাছপ’ৰ্টৰ ভুৱা ছপা আৰু জাল নোট ৰোধ কৰাৰ বাবে চিঞাহীৰ আৱিষ্কাৰ, ” প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ টুইট।

ভাৰতীয় বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা চিঞাহীবিধে পোহৰ দিয়ে, কিন্তু তাৰ নিজস্ব উষ্ণতা নাই (bi-luminescent)।

ৰাজ্য সভাত মঙলবাৰে এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হৰ্ষ বৰ্ধনে এই কথা প্ৰকাশ কৰিছে।

এই বিশেষ চিঞাহীবিধে টকা আৰু পাছপ’ৰ্টৰ লগতে পৰিচয় পত্ৰকে ধৰি বিভিন্ন চৰকাৰী নথি ছপাটো সহায় কৰিব বুলি আশা কৰা হৈছে।

দেশত জাল নোট বন্ধ কৰাৰ বাবে ভাৰতৰ ৰিজাৰ্ভ বেংকে বহু নতুন বৈশিষ্ট্য থকা নোট ছপা কৰা সত্ত্বেও আজিও এনে কাৰবাৰ বন্ধ হোৱা নাই।

বেংকটোৰ যোৱা বছৰৰ এক বাৰ্ষিক প্ৰতিবেদন মতে ২০১৮-১৯ চনত আৰ বি আয়ে ৫.৬ শতাংশ জাল নোট চিনাক্ত কৰাৰ বিপৰীতে বাকী ৯৪.৪ শতাংশ আনবোৰ বেংকে ধৰা পেলাইছে।

Related News