সমষ্টি পুনৰ নিৰ্ধাৰণ: ৰাজনৈতিক দল, সংগঠনৰ সৈতে আলোচনা ফলপ্ৰসূ; মন্তব্য মমুখ্য নিৰ্বাচন আয়ুক্তৰ

delimitation process of the constituencies

ৰাজ্যৰ সমষ্টিসমূহৰ আগন্তুক সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াত প্ৰায় সকলো সংগঠনে সমৰ্থন আগবঢ়াইছে। আজি এই মন্তব্য কৰিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে। সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে সংবাদ মেলত ৰাজীৱ কুমাৰে এই মন্তব্য কৰে।

সংবাদমেলত কুমাৰে উল্লেখ কৰা সংগঠনসমূহে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে যদিও কিছু প্ৰশ্নও উত্থাপন কৰিছে। তেওঁ সদৰী কৰা মতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ২০০১ চনৰ লোকপিয়লৰ পৰিৱৰ্তে ২০২১ চনৰ লোকপিয়লক কিয় আধাৰ কৰা নহ’ল, সেই বিষয়ত সংগঠনসমূহে প্ৰশ্ন তুলিছে।

লগতে সংগঠনসমূহে উত্থাপন কৰা আন প্ৰশ্নসমূহ এন আৰ চিৰ সৈতে জড়িত আছিল বুলি উল্লেখ কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে লগতে সীমা নিৰ্ধাৰণ আয়োগে কিয় এই প্ৰক্ৰিয়া কৰা নাছিল নাছিল বুলি প্ৰশ্ন উত্থাপন হোৱা বুলিও উল্লেখ কৰে।

কুমাৰে কয় যে ভাৰতীয় নিৰ্বাচন আয়োগৰ দলটোৱে প্ৰায় ৬০টা সংগঠনৰ লগতে ৯ টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হয়। আয়োগৰ দলটোৱে প্ৰায়বোৰ ৰাজনৈতিক দলক সাক্ষাৎ কৰাৰ বিপৰীতে অসমৰ কংগ্ৰেছক দুবাৰকৈ নিমন্ত্ৰণ কৰাল পিছতো সাক্ষাৎ নকৰিলে বুলি উল্লেখ কৰা হৈছে।

মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ ভাষ্য মতে সকলো দল-সংগঠনে আয়োগক এই প্ৰক্ৰিয়াৰ ওপৰত সহযোগিতামূলক পৰামৰ্শ আৰু মন্তব্য আগবঢ়াইছিল। সকলো ভ্ৰান্ত ধাৰণা দূৰ কৰি সকলোৰে সৈতে আলোচনাৰ পাছতহে এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি তেওঁ লগতে কয়।

কুমাৰৰ ভাষ্য মতে, অসমত ২০০৮ চনতে সীমা নিৰ্ধাৰণ আইন ২০০২ৰ অধীনত এই প্ৰক্ৰিয়া সম্পন্ন হ’ব লাগিছিল যদিও কিছু কাৰণত সেয়া স্থগিত ৰখা হৈছিল। কিন্তু ২০২০ চনত ৰাষ্ট্ৰপতিয়ে সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ বাবে সেউজ সংকেত দিয়া বুলি তেওঁ মন্তব্য কৰে।

কুমাৰে সদৰী কৰা মতে ভাৰতীয় সংবিধানৰ ১৭০ (বি) ধাৰাৰ আধাৰত ২০০১ চনৰ লোকপিয়লক সমষ্টি পুনৰ নিৰ্ধাৰণৰ ভিত্তি বৰ্ষ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

এই সন্দৰ্ভত চলিত বৰ্ষৰ ১৫ এপ্ৰিললৈকে পৰামৰ্শ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰি এই সীমা নিৰ্ধাৰণ কৰা হ’ব বুলি সংবাদ মেলত মন্তব্য কৰে।