এগৰাকী কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে দিচপুৰৰ দৰে সমষ্টিৰ বিধায়ক হৈয়ো কিয় ইমান সৰৱ অতুল বৰা? এই প্ৰশ্নই উত্থাপন হৈছে সচেতন মহলত। কিয়নো অসমবাসীৰ দৃষ্টি নিবদ্ধ থকা তথা অসমৰ ৰাজধানী দিচপুৰৰ দৰে এক গুৰুত্বপূৰ্ণ সমষ্টিৰ বিধায়ক হৈয়ো বাৰেপতি এজন কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অতুল বৰা।
প্ৰায় ২ লাখ ৮০ হাজাৰ সমৰ্থক থকা দিচপুৰৰ দৰে বিশাল সমষ্টি এটাৰ এজন দায়িত্বশীল বিধায়ক হিচাপে দিচপুৰ সমষ্টিটোৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে বিধায়কজনে। কিন্তু কেইবাদিনো ধৰি এজন কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে সৰৱ হৈ পৰি অন্য সমস্যাৰ প্ৰতি পিঠি দিয়া কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে ‘বিদ্ৰোহী নেতা’ৰ ভূমিকা লোৱা অতুল বৰাই ডিআৰডিএ ৰ কনিষ্ঠ অভিযন্তা বেলতলা নিবাসী সুশীল কুমাৰ তামুলীৰ কেলেংকাৰিক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সম্বোধন কৰে দ্বিতীয়খন সংবাদমেল।
প্ৰণিধানযোগ্য যে, বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি ডিআৰডিএৰ কনিষ্ঠ অভিযন্তা সুশীল কুমাৰ তামুলীয়ে দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ বিৰুদ্ধে আনিছিল এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি কোনো অভিযোগ নথকা সত্ত্বেও সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথে দিচপুৰ সমষ্টিৰ বিধায়কগৰাকীৰ নিৰ্দেশ মৰ্মে থানালৈ তামুলীক মাতি নি হাৰাশাস্তি কৰাৰ লগতে জেইললৈ প্ৰেৰণ কৰাৰ ভাবুকি দি গোচৰ ৰুজু কৰিছিল।
ইয়াৰ পাছতে আজি কনিষ্ঠ অভিযন্তাজনৰ বিৰুদ্ধে এক সংবাদমেল সম্বোধন কৰি বিধায়কজনৰ বিৰুদ্ধে উঠোৱা অভিযোগ খণ্ডন কৰাত উঠি-পৰি লাগে বিধায়কজন। আনকি কনিষ্ঠ অভিযন্তাগৰাকীৰ সম্পত্তিৰ তালিকাও সংবাদমেলযোগে ৰাজহুৱা কৰে বিধায়কজনে।
ইপিনে, যোৱাবাৰ সংবাদমেলত বিধায়ক বৰাই কনিষ্ঠ অভিযন্তাগৰাকীৰ বিৰুদ্ধে অভিযোগ আনিছিল যে ভি আৰ এছ লৈ অভিযন্তাগৰাকীয়ে ব্যৱসায় চলাই বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়িছে। কিন্তু তামুলীয়ে বুধবাৰে নিজে এজন কনিষ্ঠ অভিযন্তা হৈ কেনেকৈ সম্পত্তিৰ বিশাল পাহাৰ গঢ়িব পাৰিম বুলি সংবাদমেলত প্ৰশ্ন কৰিছিল বিধায়কগৰাকীক।
বৃহস্পতিবাৰে ইয়াৰ প্ৰত্যুত্তৰত বৰাই কয় যে তেওঁ নিজ মুখে ভি আৰ এছ লোৱা নাই বুলি উল্লেখ কৰিলে। তেনেক্ষেত্ৰত কেনেকৈ চৰকাৰী চাকৰি এটাৰে সম্পত্তিৰ বৃহৎ পাহাৰ গঢ়িলে?
অতুল বৰাই দিয়া সম্পত্তিৰ তালিকা অনুসৰি অভিযন্তাজনৰ সম্পত্তিসমূহ ক্ৰমে সোণাপুৰ চাহ বাগিছাত ১৫ বিঘা মাটি, নৰ্তাপ গাওঁ পঞ্চায়তৰ অন্তৰ্গত সোণাইৰ ১০০ বিঘা মাটি, মৈৰাকুচিত ২০ বিঘা, যোৰাবাটৰ পূব দিশে ২০ বিঘাতকৈয়ো অধিক মাটি, সোণাপুৰৰ বিশাল হাৰ্ডওৱেৰ দোকান, গাজাই গাওঁৰ ৩৭ নং ৰাষ্ট্ৰী ঘাইপথৰ কাষত ২ বিঘা মাটি, ৰহাত ২০ বিঘা মাটি জুৰি থকা এখন আশ্ৰম, বেলতলাৰ জে ডি ডি এছৰ মালিক, পামহিৰ দেওশাল মন্দিৰ আৰু দেওচোতাল প্ৰাথমিক বিদ্যালয়ৰ কাষত ৩ বিঘা মাটি ইত্যাদি।
তাৎপৰ্য্যপূৰ্ণভাৱে, বৃহস্পতিবাৰে মুখ্য মন্ত্ৰীলৈ এক পত্ৰযোগে অভিযন্তাগৰাকীৰ এই সম্পত্তিৰ বিৰুদ্ধে চিবিআই তদন্ত দাবী কৰে। তেওঁ পত্ৰৰ লগতে সম্পত্তিৰ তালিকাখনো গাঁঠি দিয়ে।
তদুপৰি, বুধবাৰে কনিষ্ঠ অভিযন্তাগৰাকীয়ে অনা আন এক অভিযোগ খণ্ডন কৰি বৰাই কয়, ‘‘মই অভিযন্তাজনক অত্যাচাৰ কৰিবলৈ কোনো নিৰ্দেশ দিয়া নাই। অৱশ্যে সোণাপুৰ থানাৰ অ’চি নাথক ফোন কৰি কিয় জামিন ল’ব পৰাকৈ ধাৰা দি গোচৰ ৰুজু কৰিলে আৰু জামিনবীহিন গোচৰ কিয় ৰুজু নকৰিলে বুলি সুধিছিলো।‘‘
মন কৰিবলগীয়া যে, সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে বিধায়কজনৰ আগত উচ্চ পৰ্য্যায়ৰ বিজেপি নেতাৰ পৰা হেঁচা পৰা বাবে এনে কৰিব নোৱাৰিলে বুলি কোৱা কথাও সংবাদমেলত তেওঁ জনায়।
‘’সোণাপুৰৰ অ’চিৰ সৈতে মোৰ কোনো লেনদেন নাই। সোণাপুৰ থানাত কোনে কেনেকৈ পষ্টিং দিছে নাজানো। তাক মই এটাই ফোন কৰি কৈছো যে জামিন কিয় দিলা, নন বেলেইব’ল কিয় নিদিলা বুলি তাক বুজাইছো। তাক মই এটাই জেৰা(চাৰ্চ) কৰিছো যে বেইলেব’ল ধাৰা কেইটা কিয় ধৰি দিছা সি ওলাই আহিব পাৰিলে যে। সি তেতিয়া ক’লে যে দিল্লীৰ পৰা ৰাজনৈতিক হেঁচা পৰিছে মোৰ উপায় নাই,’‘-এইদৰে কয় বৰাই।
এক সুত্ৰৰ পৰা জনিব পৰা মতে ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত কনিষ্ঠ অভিযন্তাজনৰ পৰিয়ালৰ কোনো লোকে বিধায়ক বৰাক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে আৰ্থিকভাৱে সহায় কৰিছিল। এই কথা আওপকীয়াকৈ স্বীকাৰ কৰে বিধায়ক বৰাই।
‘’কোনে কিমান পইছা দিছিল মোৰ সঠিককৈ মনত নাই। কোনোবাই ২০ হাজাৰ কোনোবাই ২৫ হাজাৰ টকা দিছিল। আৰ্থিকভাৱে সহায় কৰিলে বুলিয়েই ভুল কৰিলেও তেওঁৰ বিৰুদ্ধে মই মাত নামাতিম নেকি?’’ সংবাদমেলত এই ভাষ্য বৰাৰ।