• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এগৰাকী কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে কিয় ইমান সৰৱ হৈ পৰিছে দিচপুৰৰ বিধায়ক অতুল বৰা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 21, 2019 8:39 pm
21-02-19 Guwahati- BJP MLA Atul Bora press conference (3)

দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেল। ফটো : য়ু বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে দিচপুৰৰ দৰে সমষ্টিৰ বিধায়ক হৈয়ো কিয় ইমান সৰৱ অতুল বৰা? এই প্ৰশ্নই উত্থাপন হৈছে সচেতন মহলত। কিয়নো অসমবাসীৰ দৃষ্টি নিবদ্ধ থকা তথা অসমৰ ৰাজধানী দিচপুৰৰ দৰে এক গুৰুত্বপূৰ্ণ সমষ্টিৰ বিধায়ক হৈয়ো বাৰেপতি এজন কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অতুল বৰা।

প্ৰায় ২ লাখ ৮০ হাজাৰ সমৰ্থক থকা দিচপুৰৰ দৰে বিশাল সমষ্টি এটাৰ এজন দায়িত্বশীল বিধায়ক হিচাপে দিচপুৰ সমষ্টিটোৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে বিধায়কজনে। কিন্তু কেইবাদিনো ধৰি এজন কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে সৰৱ হৈ পৰি অন্য সমস্যাৰ প্ৰতি পিঠি দিয়া কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

Apply Now

মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে ‘বিদ্ৰোহী নেতা’ৰ ভূমিকা লোৱা অতুল বৰাই  ডিআৰডিএ ৰ কনিষ্ঠ অভিযন্তা বেলতলা নিবাসী সুশীল কুমাৰ তামুলীৰ কেলেংকাৰিক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সম্বোধন কৰে দ্বিতীয়খন সংবাদমেল।

প্ৰণিধানযোগ্য যে, বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি ডিআৰডিএৰ কনিষ্ঠ অভিযন্তা সুশীল কুমাৰ তামুলীয়ে দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ বিৰুদ্ধে আনিছিল এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি কোনো অভিযোগ নথকা সত্ত্বেও সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথে দিচপুৰ সমষ্টিৰ বিধায়কগৰাকীৰ নিৰ্দেশ মৰ্মে থানালৈ তামুলীক মাতি নি হাৰাশাস্তি কৰাৰ লগতে জেইললৈ প্ৰেৰণ কৰাৰ ভাবুকি দি গোচৰ ৰুজু কৰিছিল।

ইয়াৰ পাছতে আজি কনিষ্ঠ অভিযন্তাজনৰ বিৰুদ্ধে এক সংবাদমেল সম্বোধন কৰি বিধায়কজনৰ বিৰুদ্ধে উঠোৱা অভিযোগ খণ্ডন কৰাত উঠি-পৰি লাগে বিধায়কজন। আনকি কনিষ্ঠ অভিযন্তাগৰাকীৰ সম্পত্তিৰ তালিকাও সংবাদমেলযোগে ৰাজহুৱা কৰে বিধায়কজনে।

ইপিনে, যোৱাবাৰ সংবাদমেলত বিধায়ক বৰাই কনিষ্ঠ অভিযন্তাগৰাকীৰ বিৰুদ্ধে অভিযোগ আনিছিল যে ভি আৰ এছ লৈ অভিযন্তাগৰাকীয়ে ব্যৱসায় চলাই বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়িছে। কিন্তু তামুলীয়ে বুধবাৰে নিজে এজন কনিষ্ঠ অভিযন্তা হৈ কেনেকৈ সম্পত্তিৰ বিশাল পাহাৰ গঢ়িব পাৰিম বুলি সংবাদমেলত প্ৰশ্ন কৰিছিল বিধায়কগৰাকীক।

বৃহস্পতিবাৰে ইয়াৰ প্ৰত্যুত্তৰত বৰাই কয় যে তেওঁ নিজ মুখে ভি আৰ এছ লোৱা নাই বুলি উল্লেখ কৰিলে। তেনেক্ষেত্ৰত কেনেকৈ চৰকাৰী চাকৰি এটাৰে সম্পত্তিৰ বৃহৎ পাহাৰ গঢ়িলে?

অতুল বৰাই দিয়া সম্পত্তিৰ তালিকা অনুসৰি অভিযন্তাজনৰ সম্পত্তিসমূহ ক্ৰমে সোণাপুৰ চাহ বাগিছাত ১৫ বিঘা মাটি, নৰ্তাপ গাওঁ পঞ্চায়তৰ অন্তৰ্গত সোণাইৰ ১০০ বিঘা মাটি, মৈৰাকুচিত ২০ বিঘা, যোৰাবাটৰ পূব দিশে ২০ বিঘাতকৈয়ো অধিক মাটি, সোণাপুৰৰ বিশাল হাৰ্ডওৱেৰ দোকান, গাজাই গাওঁৰ ৩৭ নং ৰাষ্ট্ৰী ঘাইপথৰ কাষত ২ বিঘা মাটি, ৰহাত ২০ বিঘা মাটি জুৰি থকা এখন আশ্ৰম, বেলতলাৰ জে ডি ডি এছৰ মালিক, পামহিৰ দেওশাল মন্দিৰ আৰু দেওচোতাল প্ৰাথমিক বিদ্যালয়ৰ কাষত ৩ বিঘা মাটি ইত্যাদি।

তাৎপৰ্য্যপূৰ্ণভাৱে, বৃহস্পতিবাৰে মুখ্য মন্ত্ৰীলৈ এক পত্ৰযোগে অভিযন্তাগৰাকীৰ এই সম্পত্তিৰ বিৰুদ্ধে চিবিআই তদন্ত দাবী কৰে। তেওঁ পত্ৰৰ লগতে সম্পত্তিৰ তালিকাখনো গাঁঠি দিয়ে।

তদুপৰি, বুধবাৰে কনিষ্ঠ অভিযন্তাগৰাকীয়ে অনা আন এক অভিযোগ খণ্ডন কৰি বৰাই কয়, ‘‘মই অভিযন্তাজনক অত্যাচাৰ কৰিবলৈ কোনো নিৰ্দেশ দিয়া নাই। অৱশ্যে সোণাপুৰ থানাৰ অ’চি নাথক ফোন কৰি কিয় জামিন ল’ব পৰাকৈ ধাৰা দি গোচৰ ৰুজু কৰিলে আৰু জামিনবীহিন গোচৰ কিয় ৰুজু নকৰিলে বুলি সুধিছিলো।‘‘

মন কৰিবলগীয়া যে, সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে বিধায়কজনৰ আগত উচ্চ পৰ্য্যায়ৰ বিজেপি নেতাৰ পৰা হেঁচা পৰা বাবে এনে কৰিব নোৱাৰিলে বুলি কোৱা কথাও সংবাদমেলত তেওঁ জনায়।

‘’সোণাপুৰৰ অ’চিৰ সৈতে মোৰ কোনো লেনদেন নাই। সোণাপুৰ থানাত কোনে কেনেকৈ পষ্টিং দিছে নাজানো। তাক মই এটাই ফোন কৰি কৈছো যে জামিন কিয় দিলা, নন বেলেইব’ল কিয় নিদিলা বুলি তাক বুজাইছো। তাক মই এটাই জেৰা(চাৰ্চ) কৰিছো যে বেইলেব’ল ধাৰা কেইটা কিয় ধৰি দিছা সি ওলাই আহিব পাৰিলে যে। সি তেতিয়া ক’লে যে দিল্লীৰ পৰা ৰাজনৈতিক হেঁচা পৰিছে মোৰ উপায় নাই,’‘-এইদৰে কয় বৰাই।

এক সুত্ৰৰ পৰা জনিব পৰা মতে ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত কনিষ্ঠ অভিযন্তাজনৰ পৰিয়ালৰ কোনো লোকে বিধায়ক বৰাক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে আৰ্থিকভাৱে সহায় কৰিছিল। এই কথা আওপকীয়াকৈ স্বীকাৰ কৰে বিধায়ক বৰাই।

‘’কোনে কিমান পইছা দিছিল মোৰ সঠিককৈ মনত নাই। কোনোবাই ২০ হাজাৰ কোনোবাই ২৫ হাজাৰ টকা দিছিল। আৰ্থিকভাৱে সহায় কৰিলে বুলিয়েই ভুল কৰিলেও তেওঁৰ বিৰুদ্ধে মই মাত নামাতিম নেকি?’’ সংবাদমেলত এই ভাষ্য বৰাৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd