আৰক্ষীৰ পোছাকত কালিমা সানিলে ডকাইতৰূপী আৰক্ষীয়ে

index 2

ফটো : নৰ্থইষ্ট নাও

ৰক্ষকেই যেতিয়া হৈ পৰে ভক্ষক তেতিয়া সাধাৰণ ৰাইজে ন্যায়ৰ আশা কৰিব কাৰ পৰা? মহানগৰীত আজি দিচপুৰ আৰক্ষীৰ জালত পৰিল ডকাইত ৰূপী তিনিজন আৰক্ষীৰ লোক। এগৰাকী মহিলাৰ পৰা ২০ লাখ টকা লুটি আটক হ’ল আৰক্ষীৰ দুজন উপ–পৰিদৰ্শকৰ লগতে এজন গৃহৰক্ষী জোৱান।

আটক হোৱা  উপ–পৰিদৰ্শক দুজনৰ নাম ক্ৰমে জন পাথৰি আৰু প্ৰাঞ্জল বৰা। আনহাতে, আটক হোৱা গৃহৰক্ষী জোৱানজনৰ নাম বিপুল হাজৰিকা।

জন পাথৰি আৰু প্ৰাঞ্জল বৰা হাতীগাঁও থানাৰ উপ–পৰিদৰ্শক বুলি জানিব পৰা গৈছে। বিপুল হাজৰিকা দিচপুৰ আৰক্ষী থানাৰ হোমগাৰ্ড বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।

গুৱাহাটীৰ হোটেল তাজৰ সমীপত মিজোৰামৰ এগৰাকী মহিলাৰ পৰা তিনিওজন আৰক্ষীয়ে ২০ লাখ টকা লুটাৰ অভিযোগ উঠিছে। মহিলাগৰাকীয়ে এজন লোকৰ সৈতে জালনোট সৰবৰাহকাৰীক দিবলৈ ধনখিনি আনিছিল।

জানিব পৰা মতে ২০ লাখ টকাৰ বিনিময়ত জালনোট সলনি কৰিবলৈ আহিছিল মহিলাগৰাকী। ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি ২০ লাখ টকা লুটি উধাও হৈছিল তিনিওজন আৰক্ষী। বৰ্তমান অভিযুক্ত তিনিওজন আৰক্ষী দিচপুৰ আৰক্ষীৰ জিম্মাত আছে।

ইপিনে, ঘটনাটোৰ সন্দৰ্ভত দিচপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মহিলাগৰাকীৰ লগত অহা এগৰাকী জালনোট সৰবৰাহকাৰীক  দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে মহিলা গৰাকীয়ে ব্যৱহাৰ কৰা ইন’ভা গাড়ীখন আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে।