NORTHEAST NOW (Assamese)

নৰেন্দ্ৰ মোদীৰ তোষামোদত মত্ত মুখ্যমন্ত্ৰী হিমন্তই পাহৰিলে মানৱীয়তা

April 17, 2024 2:54 pm ·
Updated: April 17, 2024 3:39 pm

বৰ্তমান অসম ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ ফটো/ভিডিঅ’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে৷

আজি নলবাৰীত এজন দিব্যাংগ লোকে বোকাময় পথাৰ অতিক্ৰম কৰি নৰেন্দ্ৰ মোদীৰ সভালৈ গৈ থকাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে দূৰৰ পৰা পৰ্যবেক্ষণ কৰা এটা ভিডিঅ’ মুখ্যমন্ত্ৰী শৰ্মাই শ্বেয়াৰ কৰে।

অৱশ্যে এই ভিডিঅ’টোৰ আছে পৃথক কাহিনী। আমনিদায়ক কথাটো হ’ল কোনো নিৰাপত্তাৰক্ষীয়ে দিব্যাংগ ব্যক্তিজন সহায়ৰ হাত আগবঢ়োৱা নাছিল, তাৰ পৰিৱৰ্তে কোনোবাই ৰেলীত উপস্থিত হ’বলৈ চেষ্টা কৰা ব্যক্তিজনৰ কষ্টকৰ যাত্ৰাহে ৰেকৰ্ডিং কৰি আছিল।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে মুখ্যমন্ত্ৰীগৰাকীক এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে সমালোচনা কৰিছে, তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি মোদীৰ প্ৰভাৱ জনগণৰ মাজত দেখুৱাব বিচাৰিছে৷কিন্তু এনে ভিডিঅ’ই বিজেপিৰ পাব্লিচিটি ষ্টান্টকহে প্ৰতিনিধিত্ব কৰিছে৷

তদুপৰি, মুখ্যমন্ত্ৰী শৰ্মাই দিব্যাংগ ব্যক্তিক অৱজ্ঞা কৰি মোদীৰ জনপ্ৰিয়তাক আলোকপাত কৰিবলৈহে এই ভিডিঅ’টোক নিৰ্বাচনী কৌশল হিচাপে ব্যৱহাৰ কৰিছিল নেকি সেই সন্দৰ্ভতো বহুজনে উদ্বেগ প্ৰকাশ কৰিছে।

Related News