শিৱসাগৰৰ গাঁওৰক্ষী বাহিনী-মহিলা আৰক্ষীৰ মাজত হেণ্ড চেনিটাইজাৰ-খাদী মাস্ক বিতৰণ

IMG-20200518-WA0031

অসম ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈয়ে শিৱসাগৰ সমষ্টিৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তিসকলৰ মাজত হেণ্ড চেনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰে।

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰ পৰা দিনে ৰাতিয়ে যুঁজ দিয়া আৰক্ষী, গাওঁৰক্ষী বাহিনীক আজি লাকী গগৈয়ে মাস্ক চেনিটাইজাৰ বিতৰণ কৰে।

লাকী গগৈয়ে আজি শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ কৰ্মৰত আৰক্ষী বিষয়া-কৰ্মচাৰীসকলৰ লগতে আৰু জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত চৌব্বিশখন গাওঁৰক্ষী বাহিনী সমিতিৰ   মাজত অসম চৰকাৰৰ অবকাৰী বিভাগৰ দ্বাৰা নিৰ্মিত চেনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰে।

ইয়াৰোপৰি জয়সাগৰস্থিত বয়োজেষ্ঠ্যৰ আশ্ৰমত থকা ককা-আইতা সকলৰ মাজতও খাদী মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে নগৰৰ বিভিন্ন স্থানত কৰ্মৰত ২০ গৰাকী মহিলা আৰক্ষীক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।

লাকী গগৈক এই কাৰ্যত সহযোগ কৰে জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকন, শিৱসাগৰ জিলা মিডিয়া কোষৰ বিষয়ববীয়া সমীৰণ বৰদলৈ,  সমাজসেৱিকা ইপ্সিতা বৰুৱা, সমাজকৰ্মী  ৰঞ্জিত দত্ত, তন্ময় শইকীয়া, উত্তম শইকীয়াই।

উল্লেখ্য যে, ইয়াৰপূৰ্বে লাকী গগৈয়ে শিৱসাগৰৰ সাংবাদিক সকলক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে তেওঁৰ জন্মদিনৰ দিনা শিৱসাগৰৰ ঐতিহাসিক স্থান সমুহত চেনিটাইজিং কৰিছিল।

জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তিসকলৰ মাজত চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি লাকী গগৈয়ে কয় যে- ‘প্ৰাথমিক সাৱধানতা হিচাপে আমি ৰাইজৰ মাজত হেণ্ড চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি আছো। কোভিড-১৯ক প্ৰতিহত কৰিবলৈ সকলোৱে মিলি যুঁজ দিব লাগিব।’

উল্লেখ্য যে, শিৱসাগৰৰ জিয়ৰী লাকী গগৈয়ে কোভিড -১৯ৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিবৰ বাবে চলোৱা কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰিছে।