NORTHEAST NOW (Assamese)

২৮ ছেপ্তেম্বৰৰ ভিতৰত চাহ শ্ৰমিকক পূজাৰ বানচ প্ৰদান কৰিবলৈ আহ্বান

September 20, 2018 10:22 pm · এন ই নাও নিউজ

আগন্তুক দুৰ্গা পূজা উপলক্ষে হাইলাকান্দি জিলা প্ৰশাসনে আজি চাহ শ্ৰমিক সন্থা, চাহ সংগঠন আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ সৈতে শ্ৰমিক সকলৰ পূজা বানচৰ প্রসংগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।

জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত উপায়ুক্তগৰাকীয়ে চাহ সংগঠনসমূহ আৰু চাহ বাগিচা কৰ্তৃপক্ষক পূজা বানচৰ প্ৰসংগটো সৌহাৰ্দপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈ অনুৰোধ জনায়। আনহাতে জিলা আৰক্ষী অধীক্ষক মহনিশ মিশ্ৰাইও বিষয়টো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ কয়।

ইফালে চাহ বাগিচা কৰ্তৃপক্ষ আৰু চাহ সংগঠনসমূহে শ্ৰমিকৰ দাবী সমূহ সঠিকভাৱে পৰ্যালোচনা কৰি নিষ্পত্তি কৰিব বুলি আশ্বাস প্ৰদান কৰে।

আনহাতে হাইলাকান্দি শ্ৰম বিষয়া কে এম দেবে অহা ২৮ ছেপ্তেম্বৰৰ ভিতৰত শ্ৰমিকসকলক পূজাৰ বানচ সমূহ প্ৰদান কৰিবলৈ বাগিচা কৰ্তৃপক্ষক আহ্বান জনায়। তেওঁ লগতে কয় যে শ্ৰমিক সকলে পূজাৰ বজাৰ কৰিবলৈ কমেও ১০ দিন সময় পাব লাগে। সেয়ে পূজাৰ দহ-পোন্ধৰ দিন আগত বানচ সমূহ দিব লাগে বুলি বৈঠকত বিষয়াগৰাকীয়ে উল্লেখ কৰে।

আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত অতিৰিক্ত উপায়ুক্ত ৰুথ লিনঠাং, আন এগৰাকী অতিৰিক্ত উপায়ুক্ত এল ফেয়েৰহিম, চক্ৰ বিষয়া, শ্ৰম বিভাগৰ বিষয়াসকলৰ লগতে অন্য বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে ১৯৫১ চনৰ প্লেনটেশ্যন লেবাৰ এক্ট অনুসৰি চাহ শ্ৰমিকসকলে সৰ্বোচ্চ ২০ শতাংশ আৰু সৰ্বনিম্ন ৮.৩৩ শতাংশ বানচ পোৱাটো বাধ্যতামূলক। মন কৰিবলগীয়া যে বৰাক ভেলীত সৰ্বমুঠ ১০৭খন চাহ বাগিচা আছে।

Related News