গোলাঘাট জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ।
বৈঠকত অংশ লৈ জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে শিশুৰ বিৰুদ্ধে হৈ থকা অপৰাধমূলক ঘটনা ৰোধ তথা শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ৰাইজক সজাগ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।
তেওঁ কয় যে শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত জিলা কৰ্মবাহিনীয়ে আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব । সভাত শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ ডঃ লুকুমনি গোস্বামীয়ে কয় যে বৰ্তমান ১৭ টি শিশু সমিতিৰ তত্বাৱধানত আছে ।
বিগত বৰ্ষৰ পৰা সমিতিয়ে লাভ কৰা ৯৪ টা গোচৰৰ ভিতৰত ৭৭টাই মীমাংসা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।
বৈঠকত অংশ লৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে ভুক্তভোগী শিশুৰ বাবে স্পেচিয়েল হোম, প্ৰতিমাহে বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ক্ষেত্ৰ পৰিদৰ্শন, মেপিং আদি বিষয়ত গুৰুত্ব আৰোপ কৰে ।
ইয়াৰ পূৰ্বে জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰে সমিতিৰ কাৰ্যাৱলী সন্দৰ্ভত আলোকপাত কৰে ।
অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰকে ধৰি জিলা প্ৰশাসনৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল ।