বৰপেটাত পুনৰ উপায়ুক্তই বিলালে মুখ্য মন্ত্ৰী গ্ৰাম্য যোজনাৰ ট্ৰেক্টৰ

ফটো : নৰ্থ-ইষ্ট নাও

মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰামীণ বিকাশ যোজনাৰ অধীনত বৰপেটা জিলা কৃষি বিভাগৰ তৰফৰ পৰা আজি পুণৰ ১৯ খন ট্ৰেক্টৰ বিতৰণ কৰা হয়।

আবেলি বৰপেটা চহৰৰ কৃষি বিভাগৰ কাৰ্য্যালয় চৌহদতে আয়োজিত এটি অনুষ্ঠুপীয়া অনুষ্ঠানত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই হিতাধিকাৰী কৃষি আত্মসহায়ক গোটসমূহৰ মাজত আনুষ্ঠানিকভাৱে ট্ৰেক্টৰ সমূহ বিতৰণ কৰে।

তেওঁ হিতাধিকাৰী গোট সমূহক নতুন ট্ৰেক্টৰেৰে নিজৰ কৃষি উৎপাদন দুগুণলৈ বৃদ্ধিৰ প্ৰয়াস চলাবলৈ আহ্বান জনায়।

সামাজিক দূৰত্ব বৰ্তাই ৰাখি সীমিত পৰিসৰত আয়োজিত অনুষ্ঠানটোত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া প্ৰফুল্ল বৰগোহাঁই আৰু অন্যান্য বিভাগীয় বিষয়া সকল উপস্থিত থাকে।

আজি বিতৰণ কৰা ট্ৰেক্টৰ সমূহৰ ভিতৰত ৮ খন আইছাৰ আৰু ১১ খন মহেন্দ্ৰ এণ্ড মহেন্দ্ৰা কোম্পানীৰ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে চলিত বৰ্ষত ইয়াকে লৈ এতিয়ালৈকে এই আচঁনিৰ অধীনত ২৭৪ খন ট্ৰেক্টৰ বিতৰণ কৰা হ’ল।

বছৰটোত মুঠ ৪৩৯ খন ট্ৰেক্টৰ বিতৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও জনায়।