অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি গঠন

District conveners' committee of AJP formed in Biswanath

বিশ্বনাথত আজি গঠন হয় অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি।

বিশ্বনাথ চাৰিআলিৰ বীনাপাণি নাট্য মন্দিৰত বিশ্বনাথ জিলাখনৰ তিনিওটা সমষ্টি ক্ৰমে বিশ্বনাথ, বিহালী আৰু গহপুৰ সমষ্টিক সাঙুৰি গঠন কৰা হয় এই আহ্বায়ক সমিতি।

অসম জাতীয় পৰিষদৰ বিশ্বনাথ আৰু শোণিতপুৰৰ আহ্বায়কৰ দায়িত্বত থকা জান বৰাৰ উপস্থিতিত গঠন কৰা হয় বিশ্বনাথ জিলা আহ্বায়ক সমিতিখন।

কৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কম সংখ্যক ৪০জন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তথা বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিয়ে বিজেপি চৰকাৰৰ ফেচিষ্ট নীতিৰ ওপৰত কঠোৰ সমালোচনা কৰি আগন্তুক দিনত বিশ্বনাথৰ ৰাজনীতিত বিজেপিক উৎখাত কৰাৰ বাবে সকলো জাতীয় দল সংগঠন একত্ৰিত হোৱাৰ প্ৰয়োজন বুলি সভাখনত পৰ্যালোচনা কৰে।

ইফালে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ মুখ্য আহ্বায়ক জান বৰাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, “আমি আজি বীজ অংকুৰিত কৰিছো প্ৰথম পৰ্যায়ত। আমি আশাবাদী আগন্তুক দিনত আমি আমাৰ আদৰ্শ-নীতি প্ৰত্যেক খন ঘৰলৈ কঢ়িয়াই লৈ যাম। আঞ্চলিকতাবাদক বিশ্বাস কৰা প্ৰতিটো ভাষাভাষীক লৈ সকলো একত্ৰিত হৈ আগবাঢ়ি যাম।”

উল্লেখ যে বিণাপাণি নাট্য মন্দিৰ প্ৰেক্ষা গৃহত অনুষ্ঠিত হোৱা এখন সভাত ১৪ জনীয়া আহ্বায়ক সমিতি গঠন কৰি দিয়ে।

শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলা ৰ আহ্বায়ক হিচাপে নিযুক্ত কৰা তেজপুৰৰ জান বৰাৰ নেতৃত্বত বিশ্বনাথৰ প্ৰাক্তন ছাত্ৰ নেতা দিগন্ত বৰা দেৱে আঁত ধৰা বিশ্বনাথৰ এগৰাকী বিশিষ্ট ব্যক্তি অপূৰ্ব দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়।

কাৰ্য্যসূচী অনুযায়ী সভাৰ উদেশ্য বাখ্যা কৰে আহ্বায়ক জান বৰাই।

বিশ্বনাথ জিলাৰ অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক হিচাপে দুধনৈ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা গহপুৰৰ বিশিষ্ট ব্যক্তি ড° গোপাল ফুকন আৰু অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ পৰা জৰিত বিশ্বনাথৰ এগৰাকী  প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰাক্তন বেংক বিষয়া অমৃত হাজৰিকা লগতে বিশ্বনাথ সমষ্টিৰ পৰা বিশ্বনাথ সমষ্টিৰ অগপ প্ৰাক্তন সম্পাদকদ্বয় মৃদুল দাস আৰু পলাশ বৰকাকতিৰ লগতে বিশ্বনাথ জিলা অগপৰ প্ৰাক্তন সম্পাদক কন্দৰ্প হাজৰিকা, বিহালী সমষ্টিৰ পৰা মধু দাস, বিৰিঞ্চি ডেকা বৰুৱা, গোপাল হাজৰিকা, গুণসিন্ধু ডেকা বৰুৱা আৰু ভবেন বণিয়া, গহপুৰ সমষ্টিৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঁই, ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেৱেশ্বৰ বৰুৱা, বিশিষ্ট ব্যৱসায়ী তথা অগপৰ প্ৰাক্তন নেতা মিন্টু শৰ্মা, গহপুৰ অগপৰ প্ৰাক্তন নেতা শিৱ বৰা আৰু সমাজকৰ্মী গজেন ভূঞা লগতে বিশ্বনাথৰ যুৱ গোট আহ্বায়ক হিচাপে প্ৰাক্তন ছাত্ৰ নেতা তথা বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক জিন্টু বৰাক লৈ এখন শক্তিশালী আহ্বায়ক সমিতিৰ গঠন কৰা হয়।

আজিৰ সভাই অহা ১৫ দিনৰ ভিতৰত  সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বত এখন বিশ্বনাথ জিলা সমিতিৰ গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় লগতে পৰবৰ্তী পৰ্যায়ত সমষ্টি সমিতি, আঞ্চলিক সমিতি আৰু বুথ সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাত উপস্থিত থকাৰ মুখ্য আহ্বায়ক ড° গোপাল ফুকন, অমৃত হাজৰিকা, বিশিষ্ট নাট্যকাৰ মৃণাল গোস্বামী, অগপ-ৰ প্ৰাক্তন নেতা কন্দৰ্প হাজৰিকা, দিগন্ত গোহাঁই, দেৱেশ্বৰ বৰুৱা, মিন্টু শৰ্মাই নিজৰ বক্তব্যত অসমত এটা শক্তিশালী আপোচ বিহীন আঞ্চলিকতাবাদ স্থাপনৰ কৰি অসমৰ জাতীয় জীৱনৰ হকে কাম কৰি যোৱাৰ মত পোষণ কৰে।