শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠক

sivsagar DC meet

শিৱসাগৰত অনুষ্ঠিত হোৱা জিলা উন্নয়ণ সমিতিৰ বৈঠক।

শিৱসাগৰ জিলাৰ উপা্য়ুক্ত ডাঃ এছ লক্ষ্মণনৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা প্ৰেক্ষাগৃহত বুধবাৰে জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।এই বৈঠকত উপায়ুক্তগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনি তথা কাম-কাজৰ অগ্ৰগতি সৰ্ম্পকে বিভিন্ন বিভাগৰ বিষয়-ববীয়াসকলৰ লগত আলোচনাত মিলিত হয়।

বৈঠকৰ আৰম্ভনিত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ভাৰপ্ৰাপ্ত জিলা উন্নয়ণ আয়ুক্ত জোনমনি সোনোৱালে বিভাগ সমূহৰ সৈতে হোৱা পূৰ্বৰ বৈঠকত প্ৰদান কৰা নিৰ্দেশনা মৰ্মে কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান বিচাৰে। সেই মৰ্মে বিভাগ সমুহৰ দ্বাৰা ৰূপায়ণ হৈ থকা কাম-কাজ আৰু আঁচনিৰ শেহতীয়া স্থিতি সম্পৰ্কে সংশ্লিষ্ট বিষয়-ববীয়া সকলে বৈঠকত অৱগত কৰে।

জিলা মীন উন্নয়ন বিষয়াই বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা “ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ” আঁচনিৰ অধীনত ইতিমধ্যে ১১০ টা প্ৰকল্প সম্পুৰ্ণ হৈছে বুলি অৱগত কৰে । আনহাতে  আবকাৰী বিভাগৰ দ্বাৰা বিগত মাৰ্চ মাহলৈ ৩৭.২ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হয় বুলি বৈঠকত প্ৰকাশ কৰে। উপায়ুক্তগৰাকীয়ে আবকাৰী বিভাগক অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে চলি থকা অভিযান আৰু তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে ।

বৈঠকত  ভূমি সংৰক্ষণ বিভাগৰ অধীনত নাজিৰাত চলি থকা তিনিটা জলাশয় উন্নয়ণ প্ৰকল্পৰ কাম অগন্তুক দুমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি বিভাগটোৰ বিষয়াসকলে জানিবলৈ দিয়ে।

জিলাখনৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগক জিলাখনৰ তেল ডিপ’ সমূহত জোখমাপৰ ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়া হয়। এই সন্দৰ্ভত কিবা বিসংগতি পৰিলক্ষিত হলে সেয়া ততাতৈয়াকৈ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

আনহাতে, উপায়ুক্তগৰাকীয়ে বৈঠকত জলসিঞ্চন বিভাগৰ দ্বাৰা ইতিমধ্যে সম্পূৰ্ণ হোৱা প্ৰকল্প সমুহৰ এক প্ৰতিবেদন কৃষি বিভাগক প্ৰদান কৰিবলৈ কয় যাতে এই সমূহ অঞ্চলত কৃষি বিভাগে দ্বৈত কৃষি পদ্ধতি (Double cropping)ৰ সম্ভাৱনীয়তা বিশ্লেষণ কৰি এই সম্পৰ্কে কাম আগবঢ়াই কৃষি উৎপাদন বৃদ্ধিত অৰিহণা যোগাব পাৰে। সামাজিক বনানিকৰণ বিভাগৰ দ্বাৰা বিগত ২২ এপ্ৰিলত পহুগড় অঞ্চলত ‘বিশ্ব ধৰিত্ৰী দিৱস’ উপলক্ষে ১৪০ বিধ ফল-মূল আৰু ওখ গছৰ পুলি ৰোপন কৰাৰ বিষয়ে বিভাগীয় বিষয়াই বৈঠকত অৱগত কৰে।

উপায়ুক্ত গৰাকীয়ে এনে পদক্ষেপৰ শলাগ লোৱাৰ উপৰিও পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বন বিভাগৰ লগতে অন্যান্য বিভাগ সমূহকো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ উপ সঞ্চালকে বৈঠকত মহানগৰ আন্তঃগাঁথনি উন্নয়ণ পুঁজি (CIDF)ৰ অধীনত ১০০ কোটি টকাৰ বাজেটৰ ১৬ টা প্ৰকল্পৰ বিভাগীয় অনুমোদন ইতিমধ্যে লাভ কৰা হৈছে বুলি অবগত কৰে। এতিয়া সংশ্লিষ্ট বিভাগ সমুহক  এই প্ৰকল্প সমূহৰ বাবে বিত্ং প্ৰকল্প প্ৰতিবেদন দাখিল কৰিবলৈ জনোৱা হয়।