এই কথা সকলোৰে জ্ঞাত যে তামৰ পাত্ৰত ৰখা পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী। পাচন প্ৰক্ৰিয়া উন্নত কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰ ডিটক্স কৰাত সহায় কৰে। কিন্তু যদিহে আপুনি কিছুমান কথাত গুৰুত্ব নিদিয়ে, তেনেহলে ই উপকাৰৰ সলনি অপকাৰহে কৰিব পাৰে।
টাইমছ অৱ ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি, বহু সংখ্যক লোকে তামৰ পাত্ৰত গৰম পানী বা নেমুৰ ৰস ৰাখে। এই কাম ভুলতো কৰিব নালাগে, কিয়নো তামে গৰম পানী আৰু এচিডজাতীয় পদাৰ্থৰ সৈতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ ফলত শৰীৰত বেয়া প্ৰভাৱ পৰিব পাৰে। সেইবাবে তামৰ পাত্ৰৰ সাধাৰণ পানীহে ৰখা উচিত। নেমু, মৌ অথবা কোনো এচিদৰ দৰে বস্তু মিলাব নালাগে।
দ্বিতীয়তে কিছুমান লোকে গোটেই দিনটো তামৰ পাত্ৰত পানী ৰাখি সেই পানী খায়, কিন্তু তামৰ পাত্ৰৰ পানী কেৱল পুৱা খালী পেটত এগিলাছ বা দুগিলাছহে খোৱাহে বেছি উপকাৰী। বেছিকৈ তামৰ পাত্ৰৰ পৰা পানী খালে শৰীৰত তামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ‘কপাৰ টক্সিচিটী’ হ’ব পাৰে। ই যকৃত আৰু বৃক্কত বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে সীমিত পৰিমাণে সেৱন কৰিব লাগে এই পানী।
তৃতীয়তে তামৰ পাত্ৰ ভালদৰে পৰিষ্কাৰ কৰা উচিত। বহু লোকে বাৰে বাৰে পাত্ৰতো পৰিষ্কাৰ নকৰাকৈ তাত পানী ভৰাই থাকে আৰু যাৰ ফলত ইয়াত বেক্টেৰিয়াৰ সৃষ্টি হ’ব পাৰে। প্ৰতিবাৰে ব্যৱহাৰৰ পাছত ইয়াক পৰিষ্কাৰ কৰিব লাগে আৰু মাহত কমেও এবাৰ নেমু আৰু নিমখেৰে ঘহি ভালদৰে ধুব লাগে। ইয়াৰ ফলত বৰ্তনো চকচকীয়া হৈ থাকিব আৰু পানীও বিশুদ্ধ হৈ থাকিব।
চতুৰ্থতে তামৰ পাত্ৰত পানী বেছিদিন ৰাখিব নালাগে। সাধাৰণতে ৰাতি পানী ভৰাই ৰাতিপুৱা পানী খোৱাটোৱেই উত্তম। কিন্তু একেখিনি পানী একেটা পাত্ৰতে ২৪ ঘণ্টা বা তাতকৈ অধিক সময় ৰাখে, তেন্তে ই শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। তামৰ পাত্ৰত পানী বেছি সময় ৰাখিলে পানীত কপাৰৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত বিষক্ৰিয়াৰ আশংকা থাকে। গতিকে যদিহে আপুনিও তামৰ পাত্ৰৰ পানী খায়, তেন্তে এইবোৰ কথা মনত ৰখা উচিত। সঠিক পদ্ধতি গ্ৰহণ কৰিলে ই আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী হ’ব পাৰে, কিন্তু অসাৱধানতাৰ ফলত ই আপোনাৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে।