ভাৰতীয় ৰাজনীতিত দ্বিতীয় কিম জং উন! কিয় উত্থাপন হ’ল কিম জং উনৰ প্ৰসঙ্গ!

Rakesh Tikait second Kim Jong Un statement

হঠাৎ কিম জং উনৰ প্ৰসংগ উত্থাপন হৈছে ভাৰতীয় ৰাজনীতিত। উত্তৰ কোৰিয়াৰ এই একনায়কত্ববাদী শাসকজন সোমাই পৰিছে ভাৰতীয় ৰাজনীতিত।

কিন্তু কিয় কেনেকৈ ভাৰতলৈ আহিল কিম জং উন? অৱশ্যে কিম জং উন নিজে অহা নাই, বৰঞ্চ কৃষক নেতা ৰাকেশ টিকাইটেহে তেওঁৰ প্ৰসংগ উত্থাপন কৰিছে।

শেহতীয়াকৈ কৃষক নেতাজনে উত্তৰ প্ৰদেশ বিজেপিৰ শাসনকালত উত্তৰ কোৰিয়া হৈ পৰা বুলি মন্তব্য কৰিছে। উত্তৰপ্ৰদেশৰ নিৰ্বাচনৰ মাজতে তেওঁ প্ৰশ্ন কৰিছে যে ভোটাৰসকলে দ্বিতীয় এজন কিম জং উন বিচাৰে নেকি?

তেওঁ কয় যে ভোটাৰসকলে এজন জনতাৰ প্ৰধানমন্ত্ৰী অথবা মুখ্যমন্ত্ৰী বিচাৰে নে কিম জং উনৰ দৰে একনায়কত্ববাদী শাসক বিচাৰে- তাৰ সিদ্ধান্ত ল’ব লাগে।

কৃষক নেতাজনে উত্তৰ প্ৰদেশ নিৰ্বাচনক কেন্দ্ৰ কৰি সোচ্চাৰ হৈ পৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰী মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণৰ লক্ষ্য কৰি লয়।

টিকাইটে কয় যে তেওঁলোকে কোনো ৰাজ্যতে একনায়ত্ববাদী চৰকাৰ নিবিচাৰে। এই প্ৰসংগত তেওঁ ভোটাৰসকলক নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হৈ ভোটদান কৰিবলৈ অনুৰোধ কৰে।

উল্লেখযোগ্য যে যোগী আদিত্যনাথে কিছুদিন পূৰ্বে কৈছিল যে উত্তৰপ্ৰদেশক কেতিয়াও কাশ্মীৰ, কেৰেলা আৰু বংগ হ’বলৈ দিয়া নহ’ব। মূলতঃ হিন্দু মুছলিমৰ সাম্প্ৰদায়িক মেৰুকৰণৰ বাবেই যোগীয়ে এইদৰে কৈছিল।

আনহাতে, কৃষক নেতা ৰাকেশ টিকাইটে উত্তৰ প্ৰদেশ নিৰ্বাচনত কোনো দলকে মুকলি সমৰ্থন কৰা নাই। কিন্তু যোগী আদিত্যনাথৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে।

যোৱা কিছু দিন ধৰি যোগীক তেওঁ কিম জং উনৰ স’তে তুলনা কৰি আহিছে। তেওঁ কৈ আহিছে যে বিজেপি চৰকাৰৰ দিনত দেশখনৰ অৱস্থা উত্তৰ কোৰিয়াৰ দৰে হৈ আহিছে।

ইয়াৰ কাৰণ হৈছে সূদীৰ্ঘ কেইবাদশক ধৰি উত্তৰ কোৰিয়া একনায়কত্ববাদী শাসনমতে চলি আহিছে। দেশখনৰ শাসক কিম জং উনৰ বিৰুদ্ধে ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ আছে।

যোগী আদিত্যনাথৰ কাশ্মীৰ-কেৰেলাৰ বিপৰীতে ৰাকেশ টিকাইটৰ উত্তৰ কোৰিয়াৰ প্ৰসংগ সেইবাবেই লক্ষ্যণীয় হৈ পৰিছে।