NORTHEAST NOW (Assamese)

ওজন কমাবলৈ হ’লে খালী পেটে নে খাদ্য খোৱাৰ পিছত ‘মৰ্নিং ৱাক’ কৰিব? জানো আহক

February 22, 2025 8:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 21, 2025 9:51 pm

ওজন কমাবলৈকে হওক বা সামগ্ৰিক স্বাস্থ্যৰ বাবেই হওক পুৱা উঠি খোজ কঢ়াটো এক উত্তম অভ্যাস।  বহুতে জিমলৈ যোৱা বা যোগাসনৰ পৰিৱৰ্তে কেৱল খোজ কাঢ়িলেয়েই নিজৰ শৰীৰটো ভালে ৰাখিছে।

কিন্তু এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়। ওজন কমাবলৈ হ’লে খালী পেটে খোজকঢ়াটো উত্তম নে খাদ্য খোৱাৰ পিছত খোজ কঢ়াটো উত্তম?

উল্লেখ্য যে খোজ কঢ়াৰ ফলত শৰীৰৰ কেলৰি ধ্বংস হয়, মানসিক চাপ কমি যায়, বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়, পেশী শক্তিশালী হয়। বিশেষকৈ ওজন কমাবলৈ চেষ্টা কৰাসকলৰ বাবে খৰকৈ খোজ কঢ়াটো অত্যন্ত উপকাৰী।

বহুতে গধুৰ আহাৰ খোৱাৰ পিছত খোজ কাঢ়িবলৈ ভাল পায়, আনহাতে আন কিছুমানে ভাবে যে খালী পেটত খোজ কাঢ়িলে অধিক কেলৰি নষ্ট হয়।

কিন্তু বিশেষজ্ঞসকলে কয় যে যেতিয়া আপুনি খালী পেটত খোজ কাঢ়ে তেতিয়া আপোনাৰ শৰীৰে শৰীৰত জমা থৈ থকা চৰ্বিৰ পৰা শক্তি আহৰণ কৰিবলগীয়া হয়। সেয়ে, সোনকালে চৰ্বি কমি যায়। গতিকে খালী পেটে খোজ কাঢ়িলে ওজন সোনকালে কমে।

ডায়েটিচিয়ান সকলৰ মতে, খালী পেটত খোজ কঢ়াক ‘ফাষ্টিং কাৰ্ডিঅ’ বুলি কোৱা হয়, ই চৰ্বি সোনকালে হ্ৰাস কৰে।

২০২২ চনত নটিংহাম ট্ৰেণ্ট বিশ্ববিদ্যালয়ে কৰা এক অধ্যয়নত দেখা গৈছে যে খালী পেটত ব্যায়াম কৰিলে ৭০% অধিক চৰ্বি নষ্ট হয়।

অৱশ্যে বিশেষজ্ঞ সকলৰ মতে, যিসকলৰ ডায়েবেটিছ, উচ্চ ৰক্তচাপ বা ৰক্তচাপ সম্পৰ্কীয় আন সমস্যা আছে তেওঁলোকৰ বাবে খালী পেটেৰে খোজ কঢ়া বা ব্যায়াম কৰাতো বিপদজনক হব পাৰে।

খালী পেটে দীৰ্ঘদিন ধৰি ব্যায়াম কৰিলে নিম্ন ৰক্তচাপ, মূৰ ঘূৰোৱা, দৃষ্টিশক্তি ম্লান হোৱা, হাত-ভৰি কঁপা, বা অজ্ঞান হোৱা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও যদি শৰীৰত পৰ্যাপ্ত পৰিমাণৰ কাৰ্বহাইড্ৰেট নাথাকে তেন্তে শৰীৰে পেশীৰ পৰা প্ৰটিন ভাঙি শক্তি উৎপাদন কৰিব পাৰে, যিয়ে পেশীৰ ক্ষতি কৰিব পাৰে।

আনহাতে খাদ্য খোৱাৰ পিছত খোজ কঢ়াটো শৰীৰৰ বাবে উপকাৰী। ই খাদ্যৰ পৰা অহা গ্লুকজক শক্তিলৈ ৰূপান্তৰিত কৰে। ই শৰীৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

খাদ্য খোৱাৰ পিছত ১০-১৫ মিনিট খোজ কাঢ়িলে হজম শক্তি বৃদ্ধি পায়।

Related News