MRI মেচিনৰ ভিতৰত ৰোগীক সুমুৱাই দি পাহৰি গ’ল চিকিৎসকে; তাৰপাছত…

mri-scan_092319124138

প্ৰতিনিধিত্বমূলক ফটো

কেইদিনমান আগতে গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিংহোমত এগৰাকী ৰোগীক চিটি স্কেন মেচিনত সুমুৱাই টেকনিচিয়ানজন নোহোৱা হোৱাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

একেধৰণৰ আন এক ঘটনা এইবাৰ সংঘটিত হৈছে হাৰিয়ানাৰ পঞ্চকুলা ছেক্টৰ-৬ৰ চৰকাৰী হাস্পাতালৰ এম আৰ আই এণ্ড চিটি স্কেন চেন্টাৰত।

দেওবাৰে সন্ধিয়া ৫৯ বছৰীয়া এগৰাকী ব্যক্তি ৰাম মেহৰ যেতিয়া পৰীক্ষা কৰাবলৈ হাস্পাতালখনলৈ আহিছিল, চিকিৎসকে তেওঁক স্কেনিঙৰ বাবে এম আৰ আই মেচিনৰ ভিতৰত সুমুৱাই দিয়ে যদিও বাহিৰলৈ উলিয়াই আনিবলৈ পাহৰি যায়।

পঞ্চকুলা আৰক্ষীক দিয়া অভিযোগত ব্যক্তিগৰাকীয়ে কয় যে তেওঁ বাহিৰলৈ ওলাই আহিবলৈ তীব্ৰ শক্তি প্ৰয়োগ কৰিছিল যদিও বেল্টেৰে বন্ধা থকাৰ বাবে বাহিৰ ওলাব পৰা নাছিল।

যেতিয়া মেচিনৰ ভিতৰত উশাহ লোৱাটো কঠিন হৈ পৰিছিল তেতিয়া ৰাম মেহৰে অনুভৱ কৰিলে যে যদি শীঘ্ৰে তেওঁ বাহিৰ ওলাব নোৱাৰে তেতিয়াহ’লে উশাহ বন্ধ হৈ তেওঁ মৃত্যুমুখত পৰিব।

সেয়েহে, তেওঁ শেষবাৰৰ বাবে সৰ্ব শক্তিৰে চেষ্টা চলায় আৰু কোনোমতে বেল্ট খুলি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।

আক্ৰান্ত ব্যক্তিজনে চৰকাৰী কৰ্মচাৰীৰ এনে গুৰুতৰ অৱহেলাৰ অভিযোগ হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী, স্বাস্থ্য বিভাগৰ সঞ্চালক আৰু আৰক্ষী থানাত দাখিল কৰে।

ৰোগীজনে লগতে এইবুলিও সদৰী কৰিছে যে যদি তেওঁ আৰু ৩০ ছেকেণ্ড বাহিৰলৈ ওলাব নোৱাৰিলেহেঁতেন তেনেহ’লে তেওঁৰ মৃত্যু নিশ্চিত আছিল।

ইপিনে, হাস্পাতাল কৰ্তৃপক্ষই কয় যে টেকনিচিয়ানগৰাকীয়েহে ৰোগীজনক বাহিৰলৈ উলিয়াই আনিছিল। চিচিটিভি চেক কৰি থকা হৈছে।

চেন্টাৰৰ ইনচাৰ্জগৰাকীয়ে জানিবলৈ দিয়ে যে ৰোগীজনৰ ২০ মিনিটৰ স্কেন আছিল, টেকনিচিয়ানক শেষৰ ৩মিনিটৰ ছিকুৱেন্স ল’বলৈ আছিল আৰু অন্তিম ২ মিনিট বাকী আছিল।

ৰোগীজন আতংকিত হৈ পৰে আৰু তেওঁ লৰচৰ কৰিবলৈ ধৰে। টেকনিচিয়ানে তেওঁক লৰচৰ কৰিবলৈ বাধা দিছিল। টেকনিচিয়ানজনে আন চিষ্টেমত কাম চাই আছিল।

যেতিয়া এক মিনিট বাকী আছিল তেতিয়া টেকনিচিয়ানজনে দেখে যে ৰোগীজনে আধাখিনি বাহিৰলৈ ওলাই আহিছে। টেকনিচিয়ানজনেই ৰোগীজনক বাহিৰলৈ উলিয়াই আনে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে ৰাম মেহৰৰ ফালৰ পৰা এক অভিযোগ লাভ কৰিছে। বৰ্তমান বিভাগীয় অনুসন্ধান চলি আছে আৰু যেতিয়া এই বিভাগীয় অনুসন্ধান সম্পূৰ্ণ হ’ব তাৰ পাছতহে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।