মিজোৰামত এগৰাকী প্ৰসূতিক সন্তান প্ৰসৱ কৰোৱালে চিকিৎসক বিধায়কে

মিজোৰাম চৰকাৰৰ এগৰাকী চিকিৎসক বিধায়কে চম্ফাই জিলাৰ এগৰাকী গৰ্ভৱতী মহিলাক অপাৰেশ্যন কৰি সন্তান প্ৰসৱ কৰোৱাত সহায় কৰা কাৰ্যক সকলোৱে শলাগ লৈছে।

মিজো নেশ্যনেল ফ্ৰণ্ট দলৰ ৬২ বছৰীয়া বিধায়ক জে আৰ থিয়ামছাংগা পেছাত এগৰাকী চিকিৎসক আছিল। তেওঁ উত্তৰ চম্ফাই সমষ্টিৰ বিধায়ক।

জানিব পৰা মতে, বিধায়ক গৰাকীৰ এলেকাত জৰুৰীকালিনভাৱে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসাৰ প্ৰয়োজন হোৱাত বিধায়ক থিয়ামছাংগাই নিজৰ চিকিৎসকৰ দায়িত্ব পালনেৰে মহিলাগৰাকীক অপাৰেশ্যন কৰে।

উল্লেখ্য যে এই ঘটনা সোমবাৰৰ। বিধায়ক গৰাকীয়ে নিজৰ জিলাখনৰ ক’ৰ’না ভাইৰাছ আৰু ভূমিকম্পৰ প্ৰভাৱত পৰা এলেকা পৰিদৰ্শন কৰাৰ সময়তে এই ঘটনাটো ঘটে।

ডাঃ থিয়ামছাংগাই ১৯৮৫ চনতে এম বি বি এছৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ ১৯৯৫ চনত মণিপুৰৰ ইম্ফলৰ চৰকাৰী মেডিকেল কলেজৰ পৰা মেডিচিন ডাক্টৰৰ উপাধিও লাভ কৰিছিল।

থিয়ামছাংগাই ২০১৮ চনত মহিলা ৰোগ বিভাগৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।

ইয়াৰ পিছতে তেওঁ মিজো নেশ্যনেল ফ্ৰণ্টৰ হৈ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বিধায়ক হিচাপে নিৰ্বাচিত হয়।