NORTHEAST NOW (Assamese)

পইচা নাই কথা নাই; ডাক্তৰে আপোনাৰ চিকিৎসা কৰিবই লাগিব : আইনে দিছে এই অধিকাৰ

August 24, 2019 10:46 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

আপুনি যদি কোনো ডাঙৰ অসুখত ভূগি আছে আৰু চিকিৎসাৰ বাবে হাস্পাতললৈ গৈছে, তেতিয়াহ’লে ডাক্তৰৰ প্ৰধান কৰ্তব্য হ’ল সম্পূৰ্ণ মনোযোগেৰে আপোনাৰ চিকিৎসা কৰা।

ডাক্তৰে যদি আপোনাৰ চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়াহ’লে আপুনি আইনৰ সহায় লৈ তেওঁক এশিকনি দিব পাৰে।

সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰি লাভ কৰা মৌলিক অধিকাৰৰ ভিতৰত চিকিৎসা লাভৰ অধিকাৰো অন্তৰ্ভুক্ত আছে।

পৰমানন্দ কটাৰা বনাম ভাৰত চৰকাৰৰ মাজৰ গোচৰত উচ্চতম ন্যায়ালয়ে কয় যে কোনো ডাক্তৰ বা হাস্পাতালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগীক চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰে।

আইন মতে ডাক্তৰ তথা হাস্পাতালৰ কৰ্তব্য হ’ল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বা গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীক জৰুৰী চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি কৈছে যে ৰোগীৰ হাতত যদি পইচা নাথাকেও তথাপি ডাক্তৰ বা হাস্পাতালে তেওঁৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত দেৰি কৰিব নোৱাৰিব বা চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰিব।

ডাক্তৰৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ৰোগীজনক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰা যাতে ৰোগীজনক বচাব পৰা যায়।

তদুপৰি, ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ বৃত্তিগত আচৰণ বিধি অনুসৰিও ডাক্তৰে ৰোগীক চিকিৎসা প্ৰদান কৰিবই লাগিব।

যদি তেওঁ কোনো ৰোগীক চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়াহ’লে ইয়াক বৃত্তিগত আচৰণ বিধি উলংঘা বুলি ধৰা হ’ব আৰু তেওঁৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।

আনহাতে, দণ্ডবিধি আইন বা চিআৰপিচিৰ ধাৰা ৩৭৫চি’ অনুসৰি ডাক্তৰ তথা হাস্পাতলে এছিড আক্ৰমণৰ বলি পুৰুষ বা মহিলাৰ জৰুৰীকালীনভাৱে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব লাগিব।

সেইদৰে, ধৰ্ষণৰ বলি ৰোগীৰ চিকিৎসা কৰাৰ ক্ষেত্ৰতো ডাক্তৰ তথা হাস্পাতল আইনীভাৱে দায়বদ্ধ।

যিকোনো চৰকাৰী বা ব্যক্তিগত ডাক্তৰ তথা হাস্পাতলে এছিড আক্ৰমণৰ বলি বা ধৰ্ষণৰ বলি ৰোগীৰ জৰুৰীকালীন চিকিৎসা প্ৰদান অস্বীকাৰ কৰিব নোৱাৰে।

যদি কোনো ডাক্তৰ বা হাস্পাতলে এছিড আক্ৰমণৰ বলি বা ধৰ্ষণৰ বলি ৰোগীৰ জৰুৰীকালীন চিকিৎসা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়াহ’লে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৬৬ বি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

এই আইন অনুসৰি ডাক্তৰৰ এবছৰ পৰ্যন্ত জেইল হোৱাৰ লগতে জৰিমনাও ভৰিব লগা হ’ব পাৰে।

Related News