চলিত বৰ্ষৰ অক্টোবৰৰ ২০ তাৰিখৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ফুটবলৰ মহাৰণ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)।
প্ৰতিযোগিতাখনত নৰ্থ-ইষ্ট য়ুনাইটেডে ২১ অক্টোবৰত বেংগালুৰুৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব।
বিগত আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেডে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।
উল্লেখযোগ্য যে, ২০ অক্টোবৰত কোচিত আৰম্ভ হ’বলগীয়া আই এছ এলৰ উদ্বোধনী খেলত কেৰালা ব্লাষ্টাৰ্ছে এথলেটিকো দ্যা কলকাতাৰ মুখামুখি হ’ব।
আনহাতে, নৰ্থ-ইষ্ট য়ুনাইটেডে ২৬ অক্টোবৰত দিল্লী ডায়ানামোজৰ বিৰুদ্ধে গুৱাহাটীত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলিব।
আই এছ এল-২০১৯-২০ত নৰ্থ-ইষ্ট য়ুনাইটেডৰ গুৱাহাটীত হ’বলগীয়া খেলৰ সূচী-
তাৰিখ প্ৰতিপক্ষ
২৬ অক্টোবৰ, ২০১৯ দিল্লী ডায়ানামোজ
১ নৱেম্বৰ, ২০১৯ এফ চি গোৱা
২৭ নৱেম্বৰ, ২০১৯ মুম্বাই চিটী এফ চি
৭ ডিচেম্বৰ, ২০১৯ এ টি কে
১২ ডিচেম্বৰ, ২০১৯ চেন্নাই এফ চি
১৮ ডিচেম্বৰ, ২০১৯ বেংগালুৰু এফ চি
২ জানুৱাৰী,২০২০ জামছেদপুৰ এফ চি
৯ ফেব্ৰুৱাৰি, ২০২০ কেৰালা ব্লাষ্টাৰ্ছ
২০ ফেব্ৰুৱাৰি, ২০২০ এফ চি পুণে
আনহাতে, নৰ্থ-ইষ্ট য়ুনাইটেডে ঘৰৰ বাহিৰত ৬ নৱেম্বৰত এফ চি পুণে চিটী, ২ ডিচেম্বৰত জামছেদপুৰ এফ চি, ২৮ ডিচেম্বৰত কেৰালা ব্লাষ্টাৰ্ছ এফ চি, ৮ জানুৱাৰিত এফ চি গোৱা, ১৬ জানুৱাৰিত চেন্নায়েন এফ চি, ২৭ জানুৱাৰিত এ টি কে, ৩১ জানুৱাৰিত মুম্বাই চিটী এফ চি আৰু ১৪ ফেব্ৰুৱাৰিত দিল্লী ডায়ানামোজ এফ চিৰ বিৰুদ্ধে খেলিব।
আগন্তুক আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেডে উন্নত প্ৰদৰ্শন দাঙি ধৰি খিতাপ অৰ্জন কৰি বুলি আশাবাদী দলটোৰ প্ৰশিক্ষক, অধিনায়ককে ধৰি সমৰ্থকসকল।