কলকাতাত যুৱতী চিকিৎসকক ধৰ্ষণ কৰি হত্যা; প্ৰতিবাদত উত্তাল দেশৰ বিভিন্ন হাস্পাতাল

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিবাদত দেশৰ ক্ষুব্ধ চিকিৎসকসকলে ধৰ্মঘটৰ ঘোষণা কৰিছে।

এই ঘটনাৰ সৈতে জড়িত সঞ্জয় ৰায় নামৰ এজনক কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লোকজনে ধৰ্ষণত জড়িত বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে এই ঘটনাত সঞ্জয় ৰায় অকলে জড়িত আছিল নে নাই সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে। ইয়াৰ লগত আন কোনো লোক জড়িত আছে নেকি তাৰ তদন্ত চলি আছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি যোৱা বৃহস্পতিবাৰে নিশা চিকিৎসালয়খনত কৰ্মৰত আছিল যুৱতী চিকিৎসকগৰাকী। ৰাতিপুৱা প্ৰায় দুই বজাত বাহিৰৰ পৰা খাদ্য আনি দুজন বন্ধুৰ সৈতে ৰাতিৰ আহাৰ খাইছিল। তাৰ পিছত জৰুৰীকালীন ভৱনৰ চতুৰ্থ মহলাৰ এটা চেমিনাৰ ৰুমত জিৰণি ল’বলৈ গৈছিল। পিছদিনা শুকুৰবাৰে পুৱা প্ৰায় ৮ বজাত চিকিৎসালয়ৰ চাফাই কৰ্মীসকলে গৈ তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

লগতে পঢ়কঃ কোন দিশে ভাৰত-বাংলাদেশৰ সম্পৰ্ক! প্ৰথমবাৰৰ বাবে মুখ খুলিলে চুবুৰীয়া দেশখনে

চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসকগৰাকীৰ ঘৰলৈ ফোন কৰি আত্মহত্যা কৰা বুলি অৱগত কৰে। এই খবৰ বিয়পি পৰাত চিকিৎসালয়খনৰ জ্যেষ্ঠ আৰু কনিষ্ঠ চিকিৎসকসকলে লৰালৰিকৈ তালৈ আহে। মৃতদেহটো দেখি তেওঁলোকে তেওঁক হত্যা কৰা বুলি অভিযোগ কৰে। তাৰপিছতে চিকিৎসকসকলৰ আন্দোলন আৰম্ভ হ’ল। হত্যাকাণ্ডৰ নিৰপেক্ষ মৰণোত্তৰ পৰীক্ষা আৰু ন্যায়িক তদন্তৰ দাবী জনায়। একে সময়তে ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰতিবাদত নামিছে ৰাজ্যৰ বিভিন্ন জিলাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসকে।

বিজেপি, কংগ্ৰেছ, বাওঁপন্থী দলকে ধৰি ৰাজ্যৰ অন্যান্য দলসমূহেও একে দাবী উত্থাপন কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে চিবিআইয়ে এই ঘটনাৰ তদন্ত কৰিলে তেওঁৰ কোনো আপত্তি নাই।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰতিবেদনত চিকিৎসকে শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন পোৱা বুলি কৈছে। ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। শৰীৰৰ বিভিন্ন অংশৰ পৰা ৰক্তক্ষৰণৰ চিহ্ন পোৱা গৈছে। কোঠাটোৰ বিচনাখনতো তেজৰ চিন পোৱা গৈছে। ইয়াৰ উপৰিও সন্দেহযুক্ত হত্যাকাৰীৰ ফাটি যোৱা ইয়াৰফোনো উদ্ধাৰ কৰা হৈছে। সেই সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে সঞ্জয় ৰায়ক চিনাক্ত কৰে।

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে এগৰাকী বধিৰ নাৰীয়ে লাভ কৰিলে মিছ দক্ষিণ আফ্ৰিকাৰ খিতাপ

এই ঘটনাত কলকাতা আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইয়াৰ উপৰিও আৰক্ষীৰ বিশেষ তদন্ত সমিতিও গঠন কৰা হৈছে।

ঘটনাৰ বলি চিকিৎসকগৰাকীৰ ঘৰ পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ সোদপুৰত। তেওঁ মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল। এম বি বি এছ উত্তীৰ্ণ হোৱাৰ পিছত আৰ জি কৰ মেডিকেল কলেজৰ চেষ্ট মেডিচিন বিভাগত স্নাতকোত্তৰত পঢ়াশুনা কৰি আছিল।