• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলকাতাত যুৱতী চিকিৎসকক ধৰ্ষণ কৰি হত্যা; প্ৰতিবাদত উত্তাল দেশৰ বিভিন্ন হাস্পাতাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2024 2:24 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিবাদত দেশৰ ক্ষুব্ধ চিকিৎসকসকলে ধৰ্মঘটৰ ঘোষণা কৰিছে।

এই ঘটনাৰ সৈতে জড়িত সঞ্জয় ৰায় নামৰ এজনক কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লোকজনে ধৰ্ষণত জড়িত বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে এই ঘটনাত সঞ্জয় ৰায় অকলে জড়িত আছিল নে নাই সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে। ইয়াৰ লগত আন কোনো লোক জড়িত আছে নেকি তাৰ তদন্ত চলি আছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি যোৱা বৃহস্পতিবাৰে নিশা চিকিৎসালয়খনত কৰ্মৰত আছিল যুৱতী চিকিৎসকগৰাকী। ৰাতিপুৱা প্ৰায় দুই বজাত বাহিৰৰ পৰা খাদ্য আনি দুজন বন্ধুৰ সৈতে ৰাতিৰ আহাৰ খাইছিল। তাৰ পিছত জৰুৰীকালীন ভৱনৰ চতুৰ্থ মহলাৰ এটা চেমিনাৰ ৰুমত জিৰণি ল’বলৈ গৈছিল। পিছদিনা শুকুৰবাৰে পুৱা প্ৰায় ৮ বজাত চিকিৎসালয়ৰ চাফাই কৰ্মীসকলে গৈ তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

Apply Now

লগতে পঢ়কঃ কোন দিশে ভাৰত-বাংলাদেশৰ সম্পৰ্ক! প্ৰথমবাৰৰ বাবে মুখ খুলিলে চুবুৰীয়া দেশখনে

চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসকগৰাকীৰ ঘৰলৈ ফোন কৰি আত্মহত্যা কৰা বুলি অৱগত কৰে। এই খবৰ বিয়পি পৰাত চিকিৎসালয়খনৰ জ্যেষ্ঠ আৰু কনিষ্ঠ চিকিৎসকসকলে লৰালৰিকৈ তালৈ আহে। মৃতদেহটো দেখি তেওঁলোকে তেওঁক হত্যা কৰা বুলি অভিযোগ কৰে। তাৰপিছতে চিকিৎসকসকলৰ আন্দোলন আৰম্ভ হ’ল। হত্যাকাণ্ডৰ নিৰপেক্ষ মৰণোত্তৰ পৰীক্ষা আৰু ন্যায়িক তদন্তৰ দাবী জনায়। একে সময়তে ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰতিবাদত নামিছে ৰাজ্যৰ বিভিন্ন জিলাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসকে।

বিজেপি, কংগ্ৰেছ, বাওঁপন্থী দলকে ধৰি ৰাজ্যৰ অন্যান্য দলসমূহেও একে দাবী উত্থাপন কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে চিবিআইয়ে এই ঘটনাৰ তদন্ত কৰিলে তেওঁৰ কোনো আপত্তি নাই।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰতিবেদনত চিকিৎসকে শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন পোৱা বুলি কৈছে। ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। শৰীৰৰ বিভিন্ন অংশৰ পৰা ৰক্তক্ষৰণৰ চিহ্ন পোৱা গৈছে। কোঠাটোৰ বিচনাখনতো তেজৰ চিন পোৱা গৈছে। ইয়াৰ উপৰিও সন্দেহযুক্ত হত্যাকাৰীৰ ফাটি যোৱা ইয়াৰফোনো উদ্ধাৰ কৰা হৈছে। সেই সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে সঞ্জয় ৰায়ক চিনাক্ত কৰে।

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে এগৰাকী বধিৰ নাৰীয়ে লাভ কৰিলে মিছ দক্ষিণ আফ্ৰিকাৰ খিতাপ

এই ঘটনাত কলকাতা আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইয়াৰ উপৰিও আৰক্ষীৰ বিশেষ তদন্ত সমিতিও গঠন কৰা হৈছে।

ঘটনাৰ বলি চিকিৎসকগৰাকীৰ ঘৰ পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ সোদপুৰত। তেওঁ মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল। এম বি বি এছ উত্তীৰ্ণ হোৱাৰ পিছত আৰ জি কৰ মেডিকেল কলেজৰ চেষ্ট মেডিচিন বিভাগত স্নাতকোত্তৰত পঢ়াশুনা কৰি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd