কঠোৰ আইন অনাৰ পাছতো দিল্লীৰ এলএনজেপি হাস্পাতলৰ চিকিৎসকৰ গাত হাত তুলিলে ৰোগীয়ে

1586435761_ppe new

প্ৰতিনিধিত্বমূলক ফটো

দিল্লীৰ এলএনজেপি হাস্পাতালত কৰ’না ভাইৰাছৰ বিৰুদ্ধে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে নিৰন্তৰ যুঁজ অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে চিকিৎসকক ৰোগীয়ে অভব্য আচৰণ কৰাৰ এক ঘটনা সংঘটিত হৈছে।

হাস্পাতলখনৰ চিকিৎসকে এটা ভিডিঅ’যোগে এই ঘটনাৰ কথা সদৰী কৰে। তেওঁলোকে অভিযোগ কৰা অনুসৰি, দুজন ৰোগীয়ে এগৰাকী চিকিৎসকৰ সৈতে এইদৰে অভব্য আচৰণ কৰে।

তেওঁলোকে মহিলা সুৰক্ষাকৰ্মীৰ সৈতেও অভব্য আচৰণ কৰে। এনে ঘটনাত চিকিৎসকসকল হতাশ হৈ পৰিছে।

ভিডিঅ’টোত চিকিৎসকগৰাকীয়ে কয় যে ‘’আজি আমাৰ সৈতে এটা ঘটনা সংঘটিত হয়। CATSৰ এম্বুলেন্সত দুজন লোকে ৰোগী এজন লৈ আহিছিল। আমি তেওঁলোকক অলপ অপেক্ষা কৰিবলৈ কওঁ। ইয়াত তেওঁলোকক সন্তুষ্ট নহয় আৰু চিকিৎসকৰ কাষ চাপি আহে।তেওঁলোকে নিজৰ মাস্ক খুলি চিকিৎসকৰ নিচেই কাষ চাপি যায়। চিকিৎসকে যেতিয়া সামাজিক দূৰত্ব বজাই ৰখাৰ পৰামৰ্শ দিয়ে তেতিয়া বাক-বিতণ্ডাত লিপ্ত হয় আৰু কয় যে আমাৰ কৰ’না হ’লে আপোনালোককো আমি দিম।‘’

চিকিৎসকে অভিযোগ কৰে যে যেতিয়া ৰোগীজনক বুজাবলৈ চেষ্টা কৰা হয় তেওঁ মানিবলৈ অস্বীকাৰ কৰে আৰু অভব্য আচৰণ কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ মাজতে তেওঁ চিকিৎসকৰ গাত হাতো উঠায়। যিজনে হাত তোলে তেওঁ CATSত কাম কৰা এগৰাকী মহিলা ষ্টাফ আছিল। চিকিৎসকে মহিলা সুৰক্ষা কৰ্মীক মতাত CATSৰ পুৰুষ ষ্টাফে তেওঁৰ সৈতেও অভব্য আচৰণ কৰে তথা গালি বৰ্ষণ কৰে।

এই সন্দৰ্ভত হাস্পাতলৰ চিকিৎসকে ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ সঞ্চালকালয়ত লিখিত অভিযোগ দাখিল কৰে যদিও  CATSৰ ফালৰ পৰা ক্ষমা বিচৰাৰ পাছত ইয়াৰ বাবে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল নকৰিলে।

হয়তো স্বাস্থ্যকৰ্মীৰ ওপৰত আক্ৰমণৰ বাবে দোষীৰ বিৰুদ্ধে ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ আইনেও দিল্লীত এতিয়ালৈকো প্ৰভাৱ পেলাব পৰা নাই যাৰ বাবেই এইদৰে কৰ’নাৰ বিৰুদ্ধে যুঁজত জীৱন আগবঢ়াই দিয়া চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।