মেঘালয়ৰ গুহাৰ পৰা উত্তৰ-পূব ভিত্তিক দুঃসাহসিক তথ্যচিত্ৰৰ শুভ মহুৰত

Expedition_is_in_progress_in_Meghalayan_Caves-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দেশৰ ভিতৰত উত্তৰ-পূব দুঃসাহসিক অভিযানৰ বাবে এক উল্লেখযোগ্য পৰ্যটনস্থলীত পৰিণত হৈছে। দুঃসাহসিক অভিযানৰ বিপুল সম্ভাৱনা থকা উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অন্য প্ৰান্তৰ পৰ্যটক সকলৰ বাবে এতিয়া এখন পছন্দৰ ঠাই।

অসম পৰ্বতাৰোহণ সংস্থাৰ সহযোগত উত্তৰ-পূবৰ কেইজনমান চলচ্চিত্ৰ নিৰ্মাতাই উত্তৰ-পূবৰ পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে জনসাধাৰণক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে।

সংস্থাই চলচ্চিত্ৰখন নিৰ্মাণৰ কাৰণে আগ্ৰহী দলটোক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে যাতে ইয়াৰ জৰিয়তে মানুহে এটা যোগাত্মক বাৰ্তা পায়।

বুধবাৰে মেঘালয়ৰ চেৰাপুঞ্জীৰ মাওলুহ গুহাৰ পৰা তথ্য চিত্ৰখনৰ কাম আৰম্ভ কৰা হয়। অসম পৰ্বতাৰোহণ সংস্থাই মেঘালয় দুঃসাহসিক অভিযান সংস্থাৰ সহযোগত গুহাটোত অনুসন্ধান চলায় আৰু সমগ্ৰ দৃশ্যাৱলী তথ্যচিত্ৰখনৰ দলটোৱে কেমেৰাৰ সহায়েৰে ৰেকৰ্ডিং কৰে।

আনহাতে, তথ্যচিত্ৰখনৰ নিৰ্মাণৰ লগত জড়িত হৈ থকা দলটো তথ্যচিত্ৰখনক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে। তেওঁলোকৰ মতে তথ্যচিত্ৰখন মুকলি কৰি দিয়াৰ পাছত ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লোকে ভালদৰে উত্তৰ-পূবত থকা দুঃসাহসিক অভিযানৰ সুবিধা আৰু সম্ভাৱনীয়তাৰ বিষয়ে উমান পাব।