NORTHEAST NOW (Assamese)

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

June 29, 2022 8:20 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

প্ৰভুভক্ত হিচাপে খ্যাতি থাকিলেও বা মৰম আকলুৱা জীৱ হ’লেও কুকুৰৰ এক হিংস্ৰ চৰিত্ৰ আছে। এনে হিংস্ৰ চৰিত্ৰৰ কুকুৰে হঠাতে আক্ৰমণ কৰি মানুহ বা আন জীৱৰ প্ৰাণ পৰ্যন্ত ল’ব পাৰে। কুকুৰৰ এনে হিংস্ৰতাৰ এক ভয়ানক ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ পাণীপথত।

সোমবাৰে নিশা পাণীপথত কুকুৰৰ হাতত প্ৰাণ হেৰুৱাইছে এটা তিনিদিনীয়া কেঁচুৱাই। আশ্চৰ্যজনকভাৱে এই কেঁচুৱাটোক হাৰিয়ানাৰ পাণীপথৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিচনাৰ পৰাই তুলি লৈ যায় কুকুৰে।

সেই সময়ত কেঁচুৱাটোৰ সৈতে কেঁচুৱাটোৰ মাক আৰু আন আত্মীয় কিছু লোকো শুই আছিল। কিন্তু এই ঘটনাৰ কোনো সম্ভেদ পোৱা নাছিল তেওঁলোকে।

প্ৰকাশিত খবৰ অনুসৰি, ২৫ জুনত পানীপথৰ হাৰ্ট এণ্ড মাদাৰ কেয়াৰ হস্পিটেলত উত্তৰ প্ৰদেশৰ কৈৰানাৰ বাসিন্দা শ্ববনম নামৰ মহিলাগৰাকীৰ এটি সন্তান জন্ম হৈছিল।

ঘটনাৰ দিনা নিশা সকলো শুই থকাৰ সময়তে এটা কুকুৰে চিকিৎসালয়ৰ ৱাৰ্ডত প্ৰৱেশ কৰি মাকৰ কাষতে শুই থকা কেঁচুৱাটোক তুলি লৈ যায়। পুৱা প্ৰায় ২.১৫ বজাত হঠাতে মাকে কেঁচুৱাটোক কাষত বিচাৰি নাপাই আতংকিত হৈ পৰে।

লগে লগে পৰিয়ালটোৱে নিখোজ হোৱা কেঁচুৱাটোৰ বিচাৰ-খোচাৰ আৰম্ভ কৰে। কিছু সময়ৰ পাছতে চিকিৎসালয়ৰ বাহিৰত এটা কুকুৰে কেঁচুৱাটোক মুখেৰে ধৰি থকা তেওঁলোকে দেখিবলৈ পায়।

কুকুৰটোৰ পৰা তেওঁলোকে তৎক্ষণাত কেঁচুৱাটো উদ্ধাৰ কৰে যদিও সেই সময়লৈ ইতিমধ্যে তিনিদিনীয়া কেঁচুৱাটোৱে মৃত্যুবৰণ কৰিছিল।

এই মৰ্মান্তিক ঘটনাত শোকবিহ্বল হৈ পৰা পৰিয়ালটোৱে চিকিৎসালয় কৰ্তৃপক্ষ, বিশেষকৈ প্ৰসূতি পৰিচালনা ৱাৰ্ডৰ অৱহেলাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে।

কেঁচুৱাটোৰ মৃতদেহ উদ্ধাৰৰ সময়ত সমগ্ৰ শৰীৰতে কুকুৰে কামোৰাৰ চিন স্পষ্ট হৈ আছিল। ইতিমধ্যে পাণীপথ আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Related News