DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2022 9:53 am
Udaipur murder
282
VIEWS
Share on FacebookShare on Twitter

মঙ্গলবাৰে ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লাল নামৰ এগৰাকী দৰ্জীৰ নৃশংস হত্যাকাণ্ডই এতিয়া সমগ্ৰ দেশতে ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে।দুগৰাকী কট্টৰ মুছলমান লোকে ধৰ্মীয় অপমানৰ দোহাই দি লালক দোকানৰ ভিতৰতে হত্যা কৰাৰ পাছত এই ভয়ংকৰ হত্যাকাণ্ডক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই ভয়াৱহ হত্যাকাণ্ডক এটা সন্ত্ৰাসবাদী ঘটনা হিচাপে গণ্য কৰা হৈছে আৰু আইন-শৃংখলা বজাই ৰখাৰ বাবে ৰাজস্থানত এমাহৰ বাবে বৃহৎ সমাৱেশ নিষিদ্ধ কৰা হৈছে। লগতে উচতনিমূলক আৰু ভুৱা খবৰ প্ৰচাৰ হোৱাৰ আশংকাত ৰাজ্যখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।

ইতিমধ্যে কানহাইয়া লালক হত্যা কৰা দুয়ো হত্যাকাৰী গাউছ মহম্মদ আৰু ৰিয়াজ আখটাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই নাৰকীয় হত্যাকাণ্ডৰ তদন্তৰ বাবে এটা বিশেষ তদন্ত দল (এছআইটি) গঠনৰ নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যে ভাইৰেল হৈ পৰা হত্যাকাণ্ডটোৰ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে গাউছ মহম্মদ আৰু ৰিয়াজ আখটাৰীয়ে গ্ৰাহকৰ ৰূপত কানহাইয়া লালৰ দোকানত প্ৰৱেশ কৰিছিল।কাপোৰৰ বাবে কানহাইয়া লালে তেওঁলোকৰ এগৰাকীৰ শৰীৰৰ জোখ লোৱাৰ সময়তে চোকা অস্ত্ৰৰে তেওঁক উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে। এই সমগ্ৰ ঘটনাক হত্যাকাৰী দুগৰাকীয়ে নিজেই মোবাইল যোগে ভিডিঅ’ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে হত্যাকাৰী দুগৰাকীয়ে প্ৰথমে লালৰ মুণ্ডচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিল।

আনহাতে হত্যাৰ পাছতে দুই হত্যাকাৰী মহম্মদ আৰু ৰিয়াজে আন এটা ভিডিঅ’ প্ৰকাশ কৰে। ভিডিঅ’টোত দুয়ো হত্যাত ব্যৱহৃত অস্ত্ৰ দেখুৱাই মুকলিকৈ লালৰ হত্যাক লৈ আনন্দ প্ৰকাশ কৰে। লগতে দুয়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাবুকি প্ৰদান কৰে।

এই নৃশংস হত্যাকাণ্ডক কেন্দ্ৰই ইতিমধ্যে সন্ত্ৰাসবাদী ঘটনা হিচাপে গণ্য কৰিছে আৰু প্ৰাথমিক তথ্য অনুসৰি হত্যাকাৰী দুগৰাকীৰ সন্ত্ৰাসবাদী গোট আইছিছৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াৰ এটা দল ইতিমধ্যে এই সন্দৰ্ভত তদন্তৰ বাবে উদয়পুৰলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে এই হত্যাকাণ্ডৰ পাৰ্শ্বক্ৰিয়া হিচাপে চহৰখনত সম্ভাৱ্য যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় ৬০০ অতিৰিক্ত সৈন্য মোতায়েন কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি চহৰখনৰ কিছু অঞ্চলৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ পিছত যোৱা নিশা উদয়পুৰৰ কিছু অংশত কাৰফিউ জাৰি কৰা হৈছিল।

উল্লেখ্য যে কানহাইয়া লালে পয়গম্বৰ মহম্মদৰ ওপৰত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ প্ৰতি ছ’চিয়েল মিডিয়াত সমৰ্থন ব্যক্ত কৰিছিল। কিছুদিন পূৰ্বে নুপুৰ শৰ্মাৰ সমৰ্থনত সামাজিক মাধ্যমত এটা পোষ্টৰ বাবে গ্ৰেপ্তাৰো হৈছিল লাল। যোৱা ১৫ জুনত জামিনত মুকলি হোৱাৰ পিছত লালে আৰক্ষীক তেওঁ ভাবুকিমূলক ফোন কল লাভ কৰিছে বুলি অভিযোগ কৰিছিল।

লালৰ এই নৃশংস হত্যাৰ পাছত ৰাজস্থান চৰকাৰে কানহাইয়া লালৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৫০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইটযোগে ৰাজ্যখনৰ সকলো লোককে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় আৰু হত্যাকাৰীসকলৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷

আনহাতে ৰাহুল গান্ধী, শশী থাৰুৰ, অৰবিন্দ কেজৰিৱাল আৰু অনুৰাগ ঠাকুৰকে ধৰি কেইবাজনো ৰাজনীতিবিদে এই ঘটনাটোক গৰিহণা দিছে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd