NORTHEAST NOW (Assamese)

ডকমকা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কাৰ্বি আংলঙৰ বাহিৰত বিচাৰি উচ্চ ন্যায়ালয়ত উপায়ুক্তৰ শপতনামা

August 18, 2018 10:38 am · এন ই নাও নিউজ

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ডকমকাৰ পানজুৰিৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ পাছত এইবাৰ এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাৰ্বি আংলঙৰ বাহিৰত সম্পন্ন কৰাটো বিচাৰিছে কাৰ্বি আংলঙৰ আৰক্ষী প্ৰশাসনে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা ৫/১৮ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিকালত কাৰ্বি আংলঙৰ উপায়ুক্তই শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ মজিয়াত এই শপতনামা দাখিল কৰিছে।

উল্লেখযোগ্য যে যোৱা ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত গুৱাহাটীৰ পৰা প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ যোৱা দুই যুৱক ক্ৰমে নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰাৰ সন্দেহত স্থানীয় একাংশ উন্মত্ত লোকে অতি নৃশংসভাৱে মৰিয়াই হত্যা কৰিছিল।

উক্ত ঘটনাৰ ভিডিঅ’ ৰাজহুৱা হোৱাৰ পাছতেই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। সৰ্বত্ৰে অপৰাধীৰ কঠোৰ শাস্তিৰ দাবী তোলা হৈছিল। আনকি এই ঘটনাৰ পিছতে ৰাজ্যজুৰি অন্ধবিশ্বাস বিৰোধী এক অভিযান আৰম্ভ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে।

আনহাতে, অসম আৰক্ষীৰ তৎপৰতাত ডকমকা থানাত ৰুজু হোৱা ৩৩/১৮ আৰু ৩৪/১৮ নম্বৰৰ দুটা গোচৰত ৪৮ জনকৈ অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে ৪০টাকৈ গুৰুত্বপূৰ্ণ তথ্য ফৰেনছিক লেবৰেটৰীলৈ প্ৰমাণৰ বাবে প্ৰেৰণ কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰাৰ নিৰ্দেশ দিয়াৰ পাছত এই বিচাৰ প্ৰক্ৰিয়া কাৰ্বি আংলঙৰ বাহিৰত সম্পন্ন কৰাৰ পোষকতা কৰিছে কাৰ্বি আংলং প্ৰশাসনে।

মূলতঃ গোচৰৰ অভিযুক্ত আৰু সাক্ষীসকল একেস্থানৰ হোৱা হেতুকে কোনো প্ৰকাৰে যাতে সাক্ষীসকল ভাবুকিৰ সন্মুখীন হ’ব নোৱাৰে তাৰ বাবে প্ৰশাসনে এই ব্যৱস্থাৰ পোষকতা কৰিছে।

Related News