মাস্কক ধন্যবাদ! একাউণ্ট পুনৰুদ্ধাৰ হ’লেও টুইটাৰলৈ উভতি নাহে ডোনাল্ড ট্ৰাম্প

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট পুনৰুদ্ধাৰ কৰা হৈছে। শনিবাৰে, টুইটাৰৰ নতুন গৰাকী বিলিয়নেয়াৰ এলন মাস্কে এই বিষয়টোৰ ওপৰত এটা জৰীপ চলাইছিল। বেছিভাগ ভোটাৰে ট্ৰাম্পৰ টুইটাৰ পুনৰ বাহাল ৰখাৰ সপক্ষে ভোট দিছিল। অৱশ্যে ভোটৰ ব্যৱধান যথেষ্ট কম আছিল।

জৰীপত দৈনিক ২৩৭ নিযুত টুইটাৰ ব্যৱহাৰকাৰীৰ ভিতৰত ১৫ নিযুততকৈও অধিক টুইটাৰ ব্যৱহাৰকাৰীয়ে ভোট দান কৰে। ৫১.৮ শতাংশই ট্ৰাম্পৰ একাউণ্ট সক্ৰিয় কৰাৰ সপক্ষে ভোট দিছিল। ৪৮.২ শতাংশই ইয়াৰ বিৰুদ্ধে ভোট দিয়ে।

লগতে পঢ়ক: ইৰাণৰ সকীয়নি স্বত্বেও পাৰস্য উপসাগৰত চালকবিহীন জাহাজ মোতায়েন কৰিব আমেৰিকাই

ইপিনে, ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে একাউণ্টটো পুনৰুদ্ধাৰ কৰা হ’লেও তেওঁ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰলৈ ঘূৰি নাহে। লাছ ভেগাছৰ এটা ভিডিঅ’ত ট্ৰাম্পে তেওঁৰ নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছে।একে সময়তে, ভিডিঅ’টোত মাস্কৰ জৰীপক আদৰণি জনাই ট্ৰাম্পে কয়, “মই মাস্কৰ অনুৰাগী’’।

উল্লেখ্য যে যোৱা বছৰ জানুৱাৰীত ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গণতন্ত্ৰৰ প্ৰতীক ৱাশ্বিংটন ডিচিৰ কেপিটল ভৱনত আক্ৰমণ কৰা আৰু সমৰ্থকসকলক হিংসা সংঘটিত কৰিবলৈ উদগনি দিয়াৰ বাবে জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু টুইটাৰত নিষিদ্ধ হৈছিল। ট্ৰাম্পৰ সমৰ্থকসকলৰ সেইদিনাৰ ঘটনাটোত আৰক্ষীকে ধৰি পাঁচজন নিহত হৈছিল।

লগতে পঢ়ক: টেবুল টেনিছত অভিলেখ মণিকাৰ; প্ৰথম ভাৰতীয় মহিলা হিচাপে গঢ়িলে ইতিহাস

ঘটনাটোৰ পিছত ট্ৰাম্পৰ টুইটাৰ একাউণ্ট স্থায়ীভাৱে নিলম্বিত কৰা হৈছিল। ১০ বছৰতকৈও অধিক সময় ধৰি ব্যৱহৃত এই একাউণ্টটোত ট্ৰাম্পৰ ৮ কোটিৰো অধিক অনুসৰণকাৰী আছিল। কিন্তু টুইটাৰ কৰ্তৃপক্ষই ডোনাল্ড ট্ৰাম্পে কেপিটল হিলত আক্ৰমণত উচটনি দিয়াৰ অভিযোগ তুলি তেওঁৰ একাউণ্টটো স্থায়ীভাৱে বন্ধ কৰি দিয়ে।