NORTHEAST NOW (Assamese)

সামৰিক বাহিনীয়ে হোৱাইট হাউছৰ পৰা বাহিৰ কৰি দিব নেকি ডোনাল্ড ট্ৰাম্পক?

September 28, 2020 12:16 pm · এন ই নাও নিউজ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

ৰিপাব্লিকান দলৰ কথা হ’ল গণতান্ত্ৰিক ৰায়ত পৰাজিত হ’লে ক্ষমতা এৰিবি লাগিব। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজৰ স্থিতি পৰিৱৰ্তন কৰাৰ কোনো ইংগিত দাঙি ধৰা নাই।

দেওবাৰে ফক্স নিউজৰ এক সাক্ষাৎকাৰত ট্ৰাম্পক প্ৰশ্ন কৰা হৈছিল যে তেওঁ আগন্তুক নিৰ্বাচনৰ ফলাফল মানি লোৱাৰ প্ৰতিশ্ৰুতি দিবনে?

ইয়াৰ উত্তৰত তেওঁ জনায় যে ‘মই এতিয়াই হয় বুলি ক’ব নোৱাৰো।‘

ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যক লৈ এতিয়া দেশখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে সকলোৰে মনত এটাই প্ৰশ্ন যে অহা ৩ নৱেম্বৰত  হ’বলগীয়া আমেৰিকাৰ নিৰ্বাচনত ডোনাল্ড ট্ৰাম্প পৰাজিত হ’লে তেওঁ সেই ফলাফল মানি ল’বনে বা ক্ষমতাৰ পৰা বিদায় ল’বনে?

ডোনাল্ড ট্ৰাম্পে চিধাচিধিকৈ হা-না একো নোকোৱাৰ পাছত সন্দেহ বৃদ্ধি পাইছে।

বিভিন্ন আগশাৰীৰ আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে ৰাষ্ট্ৰপতিগৰাকীৰ স্থিতি অক্ষুন্ন থাকিলে দেশখনৰ নাগৰিকে গণতন্ত্ৰৰ ক’লা দিন দেখিবলৈ পাব।

বৰ্তমান কৰ’না আক্ৰান্ত তথা মৃত্যুৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম স্থানত থকা দেশখনৰ ইতিহাসত পূৰ্বে কেতিয়াও তেনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

আনহাতে, ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী ডেম’ক্ৰেট দলৰ প্ৰাৰ্থী জো বিডেনে নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি চিএনএনক দিয়া এক সাক্ষাৎকাৰত কৈছে যে নিৰ্বাচনত হাৰিলেও হয়তো ট্ৰাম্পে হোৱাইট হাউছ এৰিবলৈ অস্বীকাৰ কৰিব।

বিডেনে মন্তব্য কৰিছে যে যদি তেনে কোনো পৰিস্থিতি হয়, তেতিয়াহ’লে তেওঁ নিশ্চিত যে সেনা বাহিনী আহি ট্ৰাম্পক হোৱাইট হাউছৰ পৰা উলিয়াই দিব।

জো বিডেনৰ এনে মন্তব্যৰ পাছত দেশখনৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে, ৰিপাব্লিকান দলৰ পৰা কোৱা হৈছে যে নিৰ্বাচনৰ ফলাফল যিয়েই নহওক সেয়া মানি লোৱা হ’ব।

Related News