ভাৰতক কোভিড নিয়ন্ত্ৰণৰ উপায় দিলে মাৰ্কিন স্বাস্থ্য বিশেষজ্ঞ এন্থনী ফাউচিয়ে, কি সেই উপায়?

dr-fauci-960x540

দেশত এতিয়া কোভিডৰ সংহাৰ। সৌসিদিনালৈ কোভিডে লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি নিয়া আমেৰিকাত এতিয়া কোভিড সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণাধীন। আমেৰিকাত আনকি এতিয়া ভেকচিন গ্ৰহণ কৰা লোক সকলে মাস্ক নোহোৱাকৈয়ে ৰাজহুৱা স্থানত ঘূৰি ফুৰিব পৰা হৈছে।

কিন্তু কোভিড সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম স্থানত থকা দেশ খনে কি যাদুৰ বলত কোভিড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ল বাৰু? আমেৰিকাক কোভিড মুক্ত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান থকা লোকসকলৰ ভিতৰত মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেন প্রশাসনৰ স্বাস্থ্য পৰামৰ্শদাতা এন্থনী ফাউচি অন্যতম। তেওঁ সাতগৰাকী মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতেও কাম কৰিছিল।

শেহতীয়াকৈ ভাৰতৰ এটা সংবাদ মাধ্যমত মাধ্যমত ফাউচিয়ে এটা সুন্দৰ সাক্ষাৎকাৰ দিছে। সাক্ষাৎকাৰটোত ফাউচিয়ে ভাৰতৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰাৰ লগতে ভাৰতে কিদৰে এই মহা সংকটৰ পৰা মুক্ত হ’ব পাৰিব তাৰো উপায় দিছে।

ফাউচিয়ে কৈছে যে টেলিভিছনত তেওঁ ভাৰতীয় লোকে অক্সিজেনৰ অভাৱত কিদৰে ৰাজপথতে প্ৰাণ ত্যাগ কৰিছে সেয়া দেখিছে। এনে পৰিস্থিতিৰ পৰা মুক্ত হ’বলৈ তেওঁ ভাৰত চৰকাৰক অক্সিজেন, দৰৱ আদিৰ সূচল যোগানৰ বাবে নিৰ্দিষ্ট কৰ্ম বাহিনী গঠনৰ পৰামৰ্শ দিছে।

তদুপৰি বিষয়ৰ গুৰুত্ব অনুসৰি পৰ্যায় ক্ৰমে সমস্যাসমূহ সমাধানৰ বিষয়ত তেওঁ জোৰ দিছে। সেইমৰ্মে প্ৰথমে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াটো কাৰ্যকৰী তুলিব লাগিব।

যিসকলে যেতিয়ালৈ ভেকচিন লাভ নকৰে তেতিয়ালৈ তেওঁলোকক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগিব।ভাৰতৰ পৰা কোভিড খেদি পঠিয়াবলৈ ভাৰতত কমেও কেই সপ্তাহ মানৰ বাবে লকডাউন ঘোষণা কৰাৰো পৰামৰ্শ দিয়ে মাৰ্কিন স্বাস্থ্য উপদেষ্টাগৰাকীয়ে।

তেওঁ কয় যে লকডাউন দিলে ৰোগ সংক্ৰমণৰ শৃংখল ভাঙিব পৰা যাব আৰু এনেদৰে কোভিড নিয়ন্ত্ৰণলৈ আহিব। লকডাউনৰ জৰিয়তে আমেৰিকাই কোভিড নিয়ন্ত্ৰণত সুফল লাভ কৰা বুলিও তেওঁ কয়।

কোভিডক বশ কৰিবলৈ সেয়ে  লকডাউনৰ বিকল্প আন একো হ’ব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে।

ভাৰতৰ বিপদকালত বিশ্বৰ সকলো দেশে সহায় কৰিবলৈ আগবাঢ়ি আহিব বুলিও তেওঁ মন্তব্য কৰে।