NORTHEAST NOW (Assamese)

কবি মিনতী দেবী কাকতিলৈ ড০ এ পি জে আব্দুল কালাম বঁটা

June 8, 2019 5:52 pm · নিখিল মুন্দ্ৰা

ড০ এ পি জে আব্দুল কালাম বঁটাৰ বাবে নিৰ্বাচিত হৈছে হোজাই জিলাৰ যমুনামুখ কবি সন্মিলনৰ সভানেত্ৰী, কবি তথা লেখিকা মিনতী দেবী কাকতি।

অহা ৯ জুনত ছিকিমৰ ৰাজধানী গেংটকত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় সমতা সন্মিলনত সমতা সাহিত্য একাডেমিয়ে তেওঁক উক্ত বঁটা প্ৰদান কৰিব।

সমতা সাহিত্য একাডেমিৰ ৰাষ্ট্ৰীয় সভাপতি ডি এছ টাণ্ডেকাৰে এই কথা জনাইছে বুলি হোজাই জিলা কবি সন্মিলনৰ সভাপতি হাছিনুছ ছুলটান আৰু সম্পাদক জামিৰুদ্দিন তালুৰডাৰে সদৰী কৰে।

‘মিনতী দেবী কাকতিক সমতা সাহিত্য একাডেমিৰ দ্বাৰা ড০ এ পি জে আব্দুল কালাম বঁটাৰে সন্মানিত কৰা হ’ব বুলি বাতৰিটো পাই কবি সন্মিলনৰ আমি সকলো সদস্য উৎফুল্লিত হৈ পৰিছো।‘ তেওঁলোকে কয়।

সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে মিনতী দেবী কাকতিক উক্ত বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে সমতা সাহিত্য একাডেমিয়ে সাহিত্য, সামাজিক কাম, কলা, ক্ৰীড়া আদি ক্ষেত্ৰত প্ৰভূত বৰঙনি আগবঢ়োৱা ব্যক্তিক বিভিন্ন বঁটাৰে সন্মানিত কৰি আহিছে।

Related News