NORTHEAST NOW (Assamese)

ড০ বীৰুবালা ৰাভাক আজি প্ৰদান কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় বঁটা

October 27, 2018 11:45 am · এন ই নাও নিউজ
অন্ধবিশ্বাস তথা ডাইনীৰ নামত হত্যাৰ বিৰুদ্ধে সংগ্ৰাম চলাই অহা সামাজিক কৰ্মী ড০ বীৰুবালা ৰাভা। ফাইল ফটো

অসমৰ সমাজ জীৱনত প্ৰচলিত হৈ অহা কিছুমান অমানৱীয় কাৰ্য তথা সংস্কাৰৰ বিৰুদ্ধে এগৰাকী সংগ্ৰামী নাৰী ড০ বীৰুবালা ৰাভাই দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। সমাজৰ অন্ধবিশ্বাস আৰু ডাইনীৰ নামত হত্যা ৰোধৰ অগ্ৰণী নেত্ৰী হিচাপে পৰিচিত এই গৰাকী নেত্ৰী ড০ বীৰুবালা ৰাভালৈ আগবঢ়োৱা হৈছে ‘উইমেন ৱ’ৰ্ল্ড ছামিট ফাউণ্ডেশ্যন-২০১৮’ৰ বঁটা।

আজি দিনৰ ২.৩০ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব। বিশিষ্ট সমাজকৰ্মীগৰাকীক এই বঁটা প্ৰদান কৰিব অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই।

আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল কুমাৰ হাজৰিকা, বিশিষ্ট বিজ্ঞানী দীনেশ চন্দ্ৰ গোস্বামীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি মিছন বীৰুবালাৰ সমন্বয়ক ডাঃ নাট্যবীৰ দাসে জানিবলৈ দিছে।

উল্লেখযোগ্য যে বিশ্বৰ দহগৰাকী গ্ৰামাঞ্চলৰ অগ্ৰণী সেৱিকালৈ এই বঁটা আগবঢ়োৱা হৈছে যিসকলৰ ভিতৰত গোৱালপাৰাৰ ড০ বীৰুৱালা ৰাভা অন্যতম।

Related News